অন্তহীন         বৰ্ণনা লেখক :দীপাঞ্জলি দেৱী
"অন্তহীন" শৰ্মিষ্ঠা প্ৰীতমৰ এখন অতুলনীয় গ্ৰন্থ । ইয়াৰ পৃষ্ঠাই পৃষ্ঠাই আছে মানুহক উজ্জীৱিত কৰিব পৰা অমোঘ মন্ত্ৰ ।
নিক্ ভয়েচিচ এগৰাকী জীৱনমুখী ব্যক্তি ।হাত-ভৰিহীন এই ব্যক্তি কেৱল ব্যক্তি বিশেষ নহয়; বিশ্বৰ কোটি কোটি মানুহক জীয়াই তুলিব পৰা এক অপৰাজেয় শক্তি ।
শৰ্মিষ্ঠা প্ৰীতমে "অন্তহীন"ত নিক্ ভয়েচিচৰ জীৱনৰ জীয়া কাহিনী লিখিছে । ইয়াত নিকৰ জীৱনক যিবোৰ কথাই ঊৰ্দ্ধৰ পৰা ঊৰ্দ্ধতম স্তৰলৈ লৈ গৈছে সেয়া প্ৰকাশ কৰিছে ।
নিক্ সাধাৰণ ব্যক্তি নহয় ।
হাত-ভৰি নোহোৱা স্বত্বেও নিকে জীৱনক অনন্য মাত্ৰা প্ৰদান কৰিছে ।
জন্মতে হাত-ভৰি নোহোৱাকৈ জন্মা সন্তানক ডাঙৰ কৰিবলৈ নিকৰ পিতৃ-মাতৃক প্ৰয়োজন হৈছিল অত্যন্ত মানসিক শক্তিৰ ।
প্ৰথমে হতাশাত ভূগিছিল যদিও লাহে লাহে নিকক তেওঁলোকে সাধাৰণ শিশুৰ দৰেই ডাঙৰ কৰিবলৈ লৈছিল ।
নিকৰ মনতো আছিল জীয়াই থকাৰ, জীৱনক আগুৱাই নিয়াৰ প্ৰবল হেঁপাহ ।
বহুবাৰ বিপৰ্যস্ত হৈ মৃত্যুৰ কোলাত শুই পৰাৰ চেষ্টা কৰিছিল যদিও তেওঁৰ আলোকময় মনে নিজেই নিজক উৎসাহ দিছিল ।
পৰম কৰুণাময়ৰ প্ৰতি থকা গভীৰ আস্থা, বিশ্বাসে নিকক জীয়াই ৰাখিছিল ।
নিক্ বিশ্বৰ এগৰাকী সফল বক্তা ।
প্ৰায় সকলো দেশলৈকে গৈ তেওঁ মানুহৰ মনক উজ্জীৱিত কৰা বক্তৃতা প্ৰদান কৰিছে ।
নিঃস্বজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে ।
হাত-ভৰিহীন হৈয়ো দু:সাহসিক কাম কৰিছে ।
সাঁতোৰাৰ উপৰিও সাগৰত চাৰ্ফিং কৰিছে ।
এইবোৰৰ মূলতে নিকৰ গভীৰ আত্মবিশ্বাস আৰু অফুৰন্ত মানসিক শক্তি ।
নিক আৰ্তজনৰ ত্ৰাণকৰ্তা, হতাশাগ্ৰস্তজনৰ প্ৰেৰণা ।
নিকৰ ইতিবাচক মনক অধিক উদ্ভাসিত কৰি পাঠকৰ সমুখত দাঙি ধৰিবলৈ সক্ষম হৈছে শৰ্মিষ্ঠা প্ৰীতমে । নিকৰ জীৱন জিজ্ঞাসা অন্তহীন, জীৱনক আগুৱাই নিয়াৰ প্ৰয়াস অন্তহীন ।
সেয়ে হয়তো লেখিকাই কিতাপখনৰ নাম "অন্থহীন" ৰাখিছে ।
কিতাপখনত লেখিকাৰ জীৱন দৰ্শনৰো প্ৰকাশ হৈছে ।
মই আটাইতকৈ অভিভূত হৈছো লেখিকাই সাৱলীল ভাষাৰে কৰা উপস্থাপন শৈলীত ।
মুঠ তেইশটা অধ্যায়ৰ কিতাপখনত এক বিশেষ পৰিপাটি দেখা গৈছে ।
কিতাপৰ শেষৰ ফালে নিক্ ভয়েচিচৰ ঘৰুৱা আৰু ৰাজহুৱা আলোকচিত্ৰ কিছু সন্নিবিষ্ট কৰিছে ।
"মৃত্যুৰ্মা অমৃতং গময়ঃ" শীৰ্ষক আগকথা পঢ়ি এক বুজাব নোৱাৰা অনুভৱে হৃদয় চুই গৈছে । সেয়া যেন আগকথা নহয়, মানুহৰ মনক উজ্জীৱিত কৰিব পৰা অৰুণ বাণী ।
ইমান কম কথাৰে শৰ্মিষ্ঠা প্ৰীতমৰ "অন্তহীন"ৰ বিষয়ে লিখাটো সম্ভৱ নহয় ।
মুঠতে "অন্তহীন" পঢ়াৰ পিছত পাঠকৰ অন্তৰত আশাৰ সঞ্চাৰ হয়, জীয়াই থকাৰ ইচ্ছা প্ৰবল হয়, জীৱনক আগুৱাই নিয়াৰ হেঁপাহ দুৰ্বাৰ হয় ।
কিতাপৰ প্ৰচ্ছদ অৰ্থবহ ।প্ৰচ্ছদ আক্ৰামৰ ।
প্ৰকাশক : আলিবাট
মূল্য : ১৮০.০০ টকা (প্ৰথম সংস্কৰণ, জানুৱাৰী,২০১৪)