অসমীয়া খিলঞ্জীয়া জাতি- জনগোষ্ঠীৰ ইতিবৃত্ত         বৰ্ণনা লেখক :দিপক দাস
গ্ৰন্থখনত লিখকে "খিলঞ্জীয়া শব্দৰ অৰ্থ" শীৰ্ষক প্ৰৱন্ধৰে আৰম্ভ কৰি অসমৰ চমু ইতিবৃত্ত, মহাকাব্য যূগ, ভাৰতবৰ্ষলৈ আৰ্য্য আগমণ, ভাৰতৰ মিশ্ৰিত জাতি আদিৰ বিষয়েও আলোকপাত কৰিছে । খিলঞ্জীয়া শব্দৰ অৰ্থ যুক্তিসন্মতভাবে দাঙি ধৰিছে । গ্ৰন্থখনত লিখকে ব্ৰাক্ষ্মণ, কলিতা, আহোম, কোচ, বড়ো, কছাৰী, ৰাভা, চাহ-জনগোষ্ঠী, গৰীয়া-মৰীয়া আদিকে ধৰি অসমৰ পচিশটা জাতি-জনগোষ্ঠীৰ মূল তথা নৃতাত্বিক ইতিহাস সম্পৰ্কে বাখ্যা কৰিছে । অসমত স্থায়ীভাৱে বসবাস কৰি অসমৰ সমাজ জীৱনত একাকাৰ হৈ পৰা বিভিন্ন ধৰ্ম, বৰ্ণ, গোষ্ঠীৰ বিষয়ে এক স্পষ্ট ধাৰণা দিবলৈ প্ৰয়াস কৰিছে ।
গ্ৰন্থখনৰ মূখ্য সম্পাদক ডক্টৰ মলিনা দেৱী ৰাভা । প্ৰকাশক অসম সাহিত্য সভা । প্ৰথম প্ৰকাশ ২০১০ চনত । ২০১৬ চনৰ দ্বিতীয় প্ৰকাশৰ মুঠ পৃষ্ঠা ৬৪৩ আৰু দাম ৩৫০ টকা মাত্ৰ ।