অসমৰ জনজাতি আৰু সংস্কৃতি         বৰ্ণনা লেখক :দিপক দাস
"অসমৰ জনজাতি আৰু সংস্কৃতি" গ্ৰন্থখন অসমৰ পচিশটা জনজাতিৰ সমাজ আৰু সংস্কৃতিৰ বিষয়ে মূল্যৱান প্ৰৱন্ধৰ সমষ্টি । প্ৰৱন্ধকাৰ সকলৰ প্ৰায়বোৰেই জনগোষ্ঠীয় চিন্তাশীল প্ৰৱন্ধকাৰ । গ্ৰন্থখনৰ প্ৰৱন্ধবোৰত জনজাতি সকলৰ প্ৰকৃত ছবি নিখুঁতভাবে অংকিত হৈছে । অসমৰ জনজাতি বুলিলে ভাৰতীয় সংবিধানে জনজাতি হিচাপে স্বীকৃতি দিয়া পচিশটা জনজাতিক বুজা যায় । বড়ো, মিছিং, ৰাভা, তিৱা, দেউৰী, সোণোৱাল কছাৰী, হাজ্ং, কাৰ্বি, খামটি, গাৰো, টাই-খাময়াং, চিংফৌ, টাইফাকে, টাই-টুৰুং, ডিমাছা, মেচ, তিব্বত বৰ্মীয় কোচ জনগোষ্ঠী আদিৰ সমাজ, সংস্কৃতি, ভাষা, আৰ্থসামাজিক ব্যৱস্থা, ৰীতি-নীতি, উৎসৱ অনুষ্ঠান, লোককলা, শিল্প আদিৰ বিষয়ে মূল্যৱান তথ্য এই গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হৈছে ।
গ্ৰন্থখনৰ মূখ্য সম্পাদক ডক্টৰ মলিনা দেৱী ৰাভা । প্ৰকাশক অসম সাহিত্য সভা । প্ৰথম প্ৰকাশ ২০১০ চনত । ২০১৬ চনৰ দ্বিতীয় প্ৰকাশৰ মুঠ পৃষ্ঠা ৬৪৩ আৰু দাম ৩৫০ টকা মাত্ৰ ।