অসমৰ জাতীয় সংগীত আৰু ইতিহাস         বৰ্ণনা লেখক :দিপক দাস
"অসমৰ জাতীয় সংগীত আৰু ইতিহাস" গ্ৰন্থত লিখক সূৰ্য্য হাজৰিকাদেৱে আমাৰ জাতীয় সংগীত "অ' মোৰ আপোনাৰ দেশ" গীতটিৰ ইতিহাস আৰু সকলো দিশ সামৰি লৈছে । সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই 'শ্ৰীকৃপাবৰ' ছদ্মনামত ১৮৩২ শক, ১৯১০ খ্ৰীষ্টাব্দত গীতটি ৰচনা কৰে আৰু তেতিয়াৰ 'বাঁহী' আলোচনীৰ প্ৰথম বছৰ সপ্তম সংখ্যাত 'মোৰ দেশ' নামেৰে প্ৰকাশ হয় । ৰচনা কৰা স্থান হাওড়া কলকাতা । গীতটি অতিশয় জনপ্ৰিয় হৈ ৰসৰাজৰ জীৱনকালতে 'অসমৰ জাতীয় সংগীত' বুলি স্বীকৃত হৈছিল । গৱেষণামূলক এই গ্ৰন্থখনত গীতটিৰ ইতিহাস, ক্ৰমবিকাশ, জনসাধাৰণৰ মাজত ইয়াৰ প্ৰচাৰ, সুৰ সঞ্চাৰৰ প্ৰয়োগ, ৰোমান হৰফত লিপ্যন্তৰ, হিন্দী আৰু ইংৰাজীত ভাৱানুবাদ, আন্তৰ্জাতিক ধ্বনিতত্ত্বৰ বৰ্ণাক্ষৰ IPA (International Phonetic Alphabet)ৰ বিধি অনুযায়ী অনুবাদ, গীতটিৰ সুৰ আৰু সুৰেৰে জীপাল কৰা ব্যক্তিবৃন্দ, গীতটিৰ সতে প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত বিষয়, গীতটিৰ সম্পৰ্কত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ডঃ ভূপেন হাজৰিকা আদিৰ মন্তব্য আদি সন্নিৱিষ্ট আছে ।১৯২৪ চনৰ ১৯ আৰু ২০ এপ্ৰিলত বুৰঞ্জীবিদ কনকলাল বৰুৱাৰ পৌৰাহিত্যত ডিব্ৰুগড়ত বহা অসম সাহিত্য সভাৰ ষষ্ঠ অধিবেশনত গীতটি প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভাৰ মঞ্চত পৰিৱেশিত হৈছিল । মন কৰিবলগীয়া যে ২০১৪ চনতহে অসম চৰকাৰে গীতটিক চৰকাৰীভাৱে 'অসমৰ জাতীয় সঃগীত'ৰ চৰকাৰী স্বীকৃতি প্ৰদান কৰে ।
লিখক সূৰ্য্য হাজৰিকা অসমৰ সাহিত্য, সংস্কৃতি আৰু সংবাদ জগতৰ এক সুপৰিচিত ব্যক্তি । প্ৰকাশক লিখক নিজে । প্ৰথম প্ৰকাশ ২০১৪ চন । মুঠ পৃষ্ঠা ২০০ আৰু দাম ১৫০ টকা মাত্ৰ ।