অসম বুৰঞ্জী         বৰ্ণনা লেখক :দিপক দাস
অসমৰ অতীতৰ জনজীৱনৰ এক মৌলিক ঐতিহাসিক দলিল এইখন বুৰঞ্জী । ১৯০৬ চনত ইংৰাজীত প্ৰথম প্ৰকাশিত । ৰচক চাৰ এডৱাৰ্ড এলবাৰ্ট গেইট (১৮৬৩-১৯৫০) বৃটিছ প্ৰশাসক হিচাপে অসমৰ এচিষ্টেন্ট কমিছনাৰ আছিল আৰু চুপাৰিনটেন্ডেন্ট অৱ চেনচাছ হিচাপে কাৰ্যনিৰ্বাহ কৰি ১৮৯১ চনৰ লোকপিয়লৰ চৰকাৰী খতিয়ান প্ৰস্তুত কৰিছিল । গুৱাহাটীৰ সন্দিকৈ ছোৱালী কলেজৰ প্ৰাক্তন অধ্যক্ষা মাননীয়া চেনেহী বেগম বাইদেৱৰ সাৱলীল অনুবাদত মানৰ আক্ৰমণৰ ছবিকে ধৰি সেইসময়ৰ অসমৰ জনজীৱনৰ সামাজিক, ৰাজনৈতিক তথা সাংস্কৃতিক জীৱন এই বুৰঞ্জীখনত সুন্দৰকৈ পৰিস্ফূট হৈ উঠিছে । প্ৰকাশক লয়াৰ্ছ বুক ষ্টল