আহোমৰ দিন         বৰ্ণনা লেখক :দিপক দাস
অসমৰ ছশ বছৰীয়া আহোম ৰাজত্বৰ (১২২৮ -১৮২৬) বুৰঞ্জী । আহোম ৰাজত্বৰ ঘটনা প্ৰৱাহৰ উপৰিও সমসাময়িক ভাষা সাহিত্য, শিল্প-কলা, অৰ্থনীতি আদি বিষয়ো সামৰি লৈছে । লিখক হিতেশ্বৰ বৰবৰুৱা (১৮৭৬-১৯৩৯) সাতঘৰীয়া আহোমৰ বিখ্যাত সন্দিকৈ বংশৰ আৰু দহবছৰতকৈও অধিক কাল বুৰঞ্জী মূলক পুথি পাজি অধ্যয়ন কৰি আহোম যূগৰ যথাসম্ভৱ সকলো দিশ সামৰি এই বিস্তৃত বুৰঞ্জী প্ৰণয়ন কৰে । প্ৰকাশক অসম প্ৰকাশন পৰিষদ । প্ৰথম প্ৰকাশ ১৯৮১ চনত । ২০১৩ চনৰ ষষ্ঠ প্ৰকাশৰ মুঠ পৃষ্ঠা ৭৮২ আৰু দাম ৫৫০ টকা মাত্ৰ ।