এইপিনে কি আছে ?         বৰ্ণনা লেখক :দীপাঞ্জলি দেৱী
মুঠ দহটা গল্পৰ সংকলনখনত সন্নিবিষ্ট প্ৰতিটো গল্পই সুখপাঠ্য ।কিতাপখনত সন্নিবিষ্ট গল্পসমূহত এক বিশেষ বৈশিষ্ট্য আছে ।
গল্পকাৰে নিজৰ ঠাইখনৰ মানুহৰ ভাব-ভাষা, জীৱন-শৈলীক গল্পৰ মাজেৰে সুকীয়া মৰ্যাদা দিছে ।
দৰঙত প্ৰচলিত কথিত ভাষা অৰ্থাৎ দৰঙীয়া ভাষাৰে গল্পৰ চৰিত্ৰসমূহৰ সংলাপ দিছে ।
প্ৰায়কেইটা গল্পতে দৰঙী লোকগীতৰ উল্লেখ মন কৰিবলগীয়া । প্ৰথম গল্প "বেৰ"ত মুছলমানসকলৰ ঢেকগীতৰ উপৰি মাছুৱৈ তিৰোতাৰ মুখত বিয়ানাম দিছে ।
প্ৰায়কেইটা গল্পতে দৰঙী লোকগীতৰ উল্লেখ মন কৰিবলগীয়া । প্ৰথম গল্প "বেৰ"ত মুছলমানসকলৰ ঢেকগীতৰ উপৰি মাছুৱৈ তিৰোতাৰ মুখত বিয়ানাম দিছে ।
ভাওৰীয়াত গোৱা বহুৱাৰ গীত, নাঙেলী গীত, সৰু ল'ৰা-ছোৱালীৰ গীত গল্পৰ কাহিনী আৰু চৰিত্ৰৰ লগত ৰজিতা খুৱাই উল্লেখ কৰিছে ।
চহা লোকৰ কৰ্মময় জীৱনৰ প্ৰতিফলন ঘটিছে গল্পপুথিখনৰ গল্পৰ মাজেৰে ।
গাঁৱৰ অনাখৰী মানুহৰ মাজত হোৱা সাধাৰণ কথা-বতৰা, পৰচৰ্চা, সৰু সৰু কথাক লৈ প্ৰকাশ পোৱা আখেজ, অসূয়াবোৰো গল্পকাৰে গল্পৰ কাহিনীৰ সমান্তৰালকৈ ফুটাই তুলিছে ।
কিতাপখনৰ কোনো কোনো গল্পত আশীৰ দশকত উদ্ভৱ হোৱা অসমৰ পৰিস্থিতিৰো প্ৰকাশ হৈছে ।
গাঁৱৰ মহাজন জাতীয় মানুহৰ হাতত শোষিত সৰল জীৱনৰ হা-হুমুনিয়াহ, অচল অৱস্থা গল্পকাৰে সজীৱ কৰি তুলিছে গল্পৰ মাজেৰে ।
লোকজীৱনৰ প্ৰতিফলেনেৰে গল্পকাৰে গল্পসমুহক এক সুকীয়া বিশেষত্ব প্ৰদান কৰিছে ।
সঞ্জীৱ পল ডেকাদেৱৰ "এইপিনে কি আছে ?" গল্পপুথিখনৰ গল্পৰ প্ৰকাশভংগী সাৱলীল আৰু প্ৰাঞ্জল ।
সমুদ্ৰ কাজল শইকীয়াৰ প্ৰচ্ছদে গল্পপুথিখন আটক ধুনীয়া কৰি তুলিছে । ২০১২ বৰ্ষৰ মুনীন বৰকটকী বঁটাপ্ৰাপ্ত সঞ্জীৱ পল ডেকাৰ "এইপিনে কি আছে ?" অসমীয়া সাহিত্যৰ এক বাচকবনীয়া সৃষ্টি ।
প্ৰকাশক : পাঞ্চজন্য
মূল্য : ১২০.০০ টকা (দ্বিতীয় প্ৰকাশ, ডিচেম্বৰ, ২০১৫)