এশখন মহৎ গ্ৰন্থ         বৰ্ণনা লেখক :দিপক দাস
'এশখন মহৎ গ্ৰন্থ' শীৰ্ষক এই গ্ৰন্থখনত দেশ বিদেশৰ এশখন শ্ৰেষ্ঠ গ্ৰন্থ নিৰ্বাচন কৰি প্ৰতিখনৰে সংক্ষিপ্ত আলোচনা আগবঢ়াইছে প্ৰসিদ্ধ সাংবাদিক সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা দেৱে । বৃহৎ কলেৱৰৰ প্ৰতিখন গ্ৰন্থৰ বিষয়ে চাৰি পাচ পৃষ্ঠাৰ ভিতৰত চমু আভাষ আছে । প্ৰতিখন গ্ৰন্থই কালজয়ী, সমাজক প্ৰভাৱিত কৰা আৰু আজিও সকলোৰে বাবে প্ৰাসঙ্গিক ।
হোমাৰৰ ইলিয়াদেৰে আৰম্ভ হৈছে । এৰিষ্ট'টলৰ ইথিকছ, ধৰ্মগ্ৰন্থ বেদ, গীতা, ৰামায়ণ্, মহাভাৰত, কোৰাণ, বাইবেল, চাৰ টমাছ মুৰৰ ইউটোপীয়া, চাৰ্ভেন্টিছৰ ডন কুইকচোট, এহেজাৰ এনিশাৰ সাধু, কাৰ্লাইলৰ ফ্ৰেন্স ৰিভলিউচন, চাৰ্লচ ডিকেঞ্চৰ ডেভিড কপাৰফিল্ড, কাৰ্ল মাৰ্ক্সৰ ডাছ কেপিটেল, টলষ্টয়ৰ যুদ্ধ আৰু শান্তি, ফ্ৰয়েডৰ সপোনৰ বিশ্লেষণ, শ্বেলীৰ ফ্ৰাঙ্কেনষ্টাইন, জুলে ভাৰ্ণৰ আশী দিনত পৃথিৱী ভ্ৰমণ, আৰ্ণেষ্ট হেমীংৱেৰ এ ফেয়াৰৱেল টু আৰ্মছ, ৰুডিয়াৰ্ড কিপলিঙৰ কিম, লুইচ কেৰলৰ অদ্ভূত দেশত এলিছৰ অভিযান, টমাছ হাৰ্ডিৰ টেছ অৱ দা ডাৰবাৰ ভিলিছ, চাৰ্লছ ডাৰউইনৰ অৰিজিন অৱ স্পেচিছ আদি মহৎ গ্ৰন্থ অন্তৰ্ভুক্ত কৰা হৈছে ।
গ্ৰন্থখন প্ৰথম প্ৰকাশ হয় ১৯৯৩ চনত । প্ৰকাশক পানবজাৰ গুৱাহাটীৰ জ্যোতি প্ৰকাশন । ২০১২ চনৰ দশম সংস্কৰণৰ পৃষ্ঠাসংখ্য ৩৮৯ আৰু দাম ২০০ টকা ।