কমতেশ্বৰ বিশ্বসিংহ আৰু কোচৰ শেষ অভ্যুত্থান         বৰ্ণনা লেখক :দিপক দাস
কোচসকল অসমৰ এক প্ৰাচীন জনগোষ্ঠী । কোচবিহাৰৰ কোচ ৰাজবংশই পঞ্চম শতিকাৰ কোচৰজা শঙ্কলাদেৱৰ দিনৰ পৰাই ৰাজত্ব কৰিছিল । ১৪৯৮ খৃষ্টাব্দত বংগৰ চুলতানে কোচ সকলৰ কমতা ৰাজ্য অধিকাৰ কৰে । ১৫১৫ খৃষ্টাব্দত বিশ্বসিংহই পুনৰ কোচ ৰাজ্য প্ৰতিষ্ঠা কৰে ।
গ্ৰন্থখন কোচৰাজ্য কামতেশ্বৰ বিশ্বসিংহৰ বিষয়ে । বিশ্বসিংহৰ বংশ পৰিচয়, শৈশৱ আৰু কৈশোৰৰ গুৰুত্বপূৰ্ণ ঘটনাৱলী, কোচৰাজ্য কমতাপুৰ পুনৰ প্ৰতিষ্ঠাৰ সংগ্ৰাম ৰ লগতে কোচৰাজ্যৰ প্ৰশাসন, সমাজ, অৰ্থনীতি আদিৰ বিষয়েও আলোচনা আছে ।
গ্ৰন্থৰ লিখক অৰূপজ্যোতি দাস এগৰাকী ৰাজনৈতিক নিবন্ধকাৰ আৰু স্বতন্ত্ৰ গৱেষক । প্ৰকাশক ব্লু স্পেৰো বুকছ । প্ৰথম প্ৰকাশ ২০১৮ চনত, মুঠ পৃষ্ঠা ২৫২ আৰু দাম ৪৯৯ টকা মাত্ৰ ।