কাজিৰঙাত ২৪ বছৰ         বৰ্ণনা লেখক :দিপক দাস
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অসমৰ এক অতি মূল্যৱান আৰু বিখ্যাত সম্পদ । এশিঙীয়া গঁড়ৰ বাসস্থান কাজিৰঙাৰ বাবে অসম বিশ্ববিখ্যাত । লিখক ধৰণীধৰ বড়ো বনবিষয়া হিচাপে কাজিৰঙাত ২৪ বছৰ আৰু ৪ বছৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ কৰ্তব্য পালন কৰিছিল । কাজিৰঙাক মনে প্ৰাণে ভালপোৱা আৰু দীৰ্ঘদিন কাম কৰাৰ অভিজ্ঞতাৰ বাবে কাজিৰঙাৰ জীৱ জন্তু, বিল, নৈ, জান জুৰি, গছ বিৰিখ আদি তেওঁৰ অতি চিনাকী, লগৰীৰ নিচিনা । গ্ৰন্থখনত লিখকে কাজিৰঙাত কৰ্মৰত জীৱনৰ অনন্য অভিজ্ঞতাসমূহ বৰ্ণনা কৰিছে । কাজিৰঙাৰ বিচিত্ৰ কাহিনী, বনৰজাৰ বিলৈ, চহলা সুতিত গড়ৰ উদ্ধাৰ অভিযান, বাঘেও গছ চিনি পায়, এদাল ফেটি সাপৰ উদ্ধাৰ অভিযান, দঁতাল বধ কৰা সেই মখনা হাতীটো, এটা সোৰোপা ভালুকৰ সতে মুখামুখি, শেন চৰাই আৰু সাপৰ যুজ, পানীকাউৰী আৰু মাছ, মৃত্যুৰ সতে এদিন, কাজিৰঙাত গুলীবিদ্ধ এজন চোৰাং চিকাৰী, আন এক দৃষ্টিত ভূপেন দাৰ প্ৰকৃতিপ্ৰেম আদি শিৰোনামাৰ আধ্যায়েৰে লিখকে তেওঁৰ অভিজ্ঞতা সমূহ বৰ আকৰ্ষণীয় কৈ বৰ্ণনা কৰিছে । কিছুমান আলোকচিত্ৰও সন্নিৱিষ্ট আছে । এজন সুদক্ষ বন বিষয়া হিচাপে লিখক বড়োৱে মেলবৰ্ণত অনুষ্ঠিত চতুৰ্থ ৰেঞ্জাৰ কংগ্ৰেছ, বলিভিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ৰেঞ্জাৰ কংগ্ৰেছ আদিত দেশক প্ৰতিনিধিত্ব কৰাৰ উপৰিও দক্ষিণ আফ্ৰিকাৰ ক্ৰুগেৰ নেশ্যনেল পাৰ্ক আদি ভ্ৰমণ কৰে । বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বটাৰে বিভূষিত লিখক ধৰণীধৰ বড়োক বন আৰু বন্যপ্ৰাণী সংৰক্ষণ বিষয়ত দেশৰ বিভিন্ন অনুষ্ঠান, শিক্ষানুষ্ঠান আদিয়ে সন্মানীয় বিশিষ্ট অতিথি, সমল ব্যক্তি হিচাপে আমন্ত্ৰিত কৰে ।
গ্ৰন্থখনৰ প্ৰকাশক ষ্টুডেন্টচ্ ষ্ট'ৰচ, গুৱাহাটী । প্ৰথম প্ৰকাশ ২০১৬ চনত, মুঠ পৃষ্ঠা ২৭৯ আৰু দাম ২২০ টকা মাত্ৰ ।