কৃষ্ণকান্ত সন্দিকৈ         বৰ্ণনা লেখক :দিপক দাস
অসমৰ উজ্জ্বল ৰত্ন, সংস্কৃতৰ বিদগ্ধ পণ্ডিত, পদ্মশ্ৰী তথা পদ্মভূষণৰে বিভূষিত পণ্ডিপ্ৰৱৰ কৃষ্ণকান্ত সন্দিকৈ আছিল পণ্ডিত সমাজে একেমুখে স্বীকৃতি দিয়া এজন বিশ্ববিশ্ৰুত পণ্ডিত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য, অসম সাহিত্য সভাৰ "সদস্য মহীয়ান", সংস্কৃতৰ উপৰিও পালি আৰু প্ৰাকৃতৰ খ্যাতনামা পণ্ডিত আৰু ভাষাতাত্বিক আৰু লেটিন গ্ৰীক আদি বিশ্বৰ ১২/১৩ টা ভাষা জনা ব্যক্তি তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি । জ্ঞান পিপাসু মনৰ অধিকাৰী সন্দিকৈ দেৱে আজীৱন জ্ঞান আহৰণ আৰু জ্ঞানৰ সাধনাত ব্ৰতী আছিল । চন্দ্ৰকান্ত অভিধান, গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়, যোৰহাটৰ হেমলতা সন্দিকৈ স্কুল, অসম সাহিত্য সভাৰ যোৰহাটৰ চন্দ্ৰকান্ত ভৱন আদি সন্দিকৈ পৰিয়ালৰ ফালৰ পৰা অসমৰ সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান । গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰৰ নাম "কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থাগাৰ" ।
এই গ্ৰন্থখন কৃষ্ণকান্ত সন্দিকৈ দেৱৰ পূৰ্ণাংগ জীৱনী । লিখক আব্দুছ ছাত্তাৰ । প্ৰকাশক যোৰহাটৰ সাহিত্যিকা । প্ৰথম প্ৰকাশ ১৯৭৫ চনত । ২০০৮ চনৰ তৃতীয় সংস্কৰণৰ মুঠ পৃষ্ঠা ১২৩ আৰু দাম মাত্ৰ ১৬০ টকা । উল্লেখযোগ্য যে এই জীৱনী খন সন্দিকৈ দেৱৰ জীৱনকালতে প্ৰকাশিত হৈছিল । লিখকে সন্দিকৈ দেৱৰ বহুকেইটা সাক্ষাৎকাৰৰ ভিত্তিত জীৱনী খন লিখিছিল আৰু প্ৰকাশ হোৱাৰ আগতে পাণ্ডুলিপি সন্দিকৈ দেৱে নিজে পঢ়ি অনুমোদন কৰিছিল ।