কোচ ৰাজ্যৰ বুৰঞ্জী         বৰ্ণনা লেখক :দিপক দাস
কোচসকল অসমৰ এক প্ৰাচীন জনগোষ্ঠী । কোচবিহাৰৰ কোচ ৰাজবংশই পঞ্চম শতিকাৰ কোচৰজা শঙ্কলাদেৱৰ দিনৰ পৰাই ৰাজত্ব কৰিছিল । ১৪৯৮ খৃষ্টাব্দত বংগৰ চুলতানে কোচ সকলৰ কমতা ৰাজ্য অধিকাৰ কৰে । ১৫১৫ খৃষ্টাব্দত বিশ্বসিংহই পুনৰ কোচ ৰাজ্য প্ৰতিষ্ঠা কৰে ।
কোচ ৰাজ্যৰ বুৰঞ্জী গ্ৰন্থখনত কোঁচৰজা বিশ্বসিংহৰ দিনৰ পৰা বিখ্যাত কোঁচৰজা নৰনাৰায়ণকে ধৰি বৃটিছৰ দিনলৈ কোচৰাজ্যৰ ইতিহাস সামৰা হৈছে । কোচ ৰাজবংশৰ শাখা দৰঙ্গ কোচ ৰাজ্য, বিজনী ৰাজবংশ, কাছাৰ ৰাজবংশ আদিৰ বিষয়েও আছে । কোচসকলৰ শাসন ব্যৱস্থা, সমাজ, সংস্কৃতি, ৰীতি-নীতি আদিৰ বিষয়েও আলোকপাত কৰা হৈছে ।
কিতাপখনৰ লিখক যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যাপক ডঃ অজিত কুমাৰ বৰুৱা এজন বুৰঞ্জীবিদ আৰু গৱেষক । প্ৰকাশক পূৰ্বাঞ্চল প্ৰকাশন, গুৱাহাটী । প্ৰথম প্ৰকাশ ২০১৬ চন, মুঠ পৃষ্ঠা ৩৬৮ আৰু দাম ৩৩০ টকা মাত্ৰ ।