কোৰআন বোধ         বৰ্ণনা লেখক :দিপক দাস
হজৰত মহম্মদ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক আৰু ইছলাম ধৰ্মালম্বী সকলক মুছলমান বোলে । মুছলমানসকল একেশ্বৰবাদী আৰু 'আল্লা'ৰ উপাসক । সৃষ্টিকৰ্তাৰ আৰবী নাম আল্লাহু । মুছলমানসকলে বিশ্বাস কৰে যে কোৰ-আন আল্লাৰ বাণী । ফৰিস্তা জিব্ৰাইলৰ জৰিয়তে আল্লাই এই বাণীসমূহ শেষ নবী বা ৰছুল হজৰত মহম্মদলৈ পঠিয়াইছিল মানৱ সমাজৰ বাবে । ফৰিস্তা বা ফেৰেচতা মানে দেৱদূত আৰু নবী বা ৰছুল মানে বাৰ্তাবাহক । এই দৈৱবাণীসমূহ হজৰত মহম্মদে তেওঁৰ সংগীসকলক কৈছিল । সংগী আৰু অনুগামী সকলে প্ৰথম অৱস্থাত এই দৈৱবাণীসমূহ মুখস্থ ৰাখিছিল আৰু মুখে মুখে চৰ্চা কৰিছিল । কোৰ-আন মুখস্থকাৰী সকলক হাফিজ বোলা হয় । তৃতীয় খলিফা ওচমানে প্ৰথমতে আনূষ্ঠানিকভাবে লিপিবদ্ধ কোৰ-আন সংকলন কৰে । আৰৱী ভাষাত লিখা মূল কোৰ-আন ১১৪ টা ছূৰাত বিভক্ত আৰু প্ৰতিটো ছূৰা কিছুমান আয়াতৰ সমষ্টি । ছূৰা মানে আধ্যায় আৰু আয়াত মানে বাক্য বা শ্লোক । মুঠ আয়াতৰ সংখ্যা ৬২৩৬ । কিছুমানে ৬৬৬৬ বুলিও বিশ্বাস কৰে । সাতটা আয়াত থকা প্ৰথম ছূৰা আল-ফাতিহা কোৰ-আন পাঠৰ আৰম্ভণিৰ এক প্ৰাৰ্থনা ।
কোৰআন বোধ গ্ৰন্থখন আৰৱী মূল মৌলানা ছৈয়দ আবুল মাওদুদী বিৰচিত 'তফহীমূল কোৰ-আন' ৰ অসমীয়া অনুবাদ । অনুবাদক অধ্যাপক ছৈয়দ ছামছূল হুদা আৰু মহম্মদ মজীদ আলী । প্ৰকাশক হেদায়েৎপুৰ গুৱাহাটীৰ অসমীয়া ইছলামী সাহিত্য প্ৰকাশন সমিতি । প্ৰথম প্ৰকাশ ২০০০ চনত । ২০১০ চনৰ প্ৰকাশনৰ মুঠ পৃষ্ঠা ৯২৪ আৰু দাম ৪০০ টকা মাত্ৰ । আৰম্ভণিতে 'কোৰ-আন পৰিচয় তথা কোৰ-আন অধ্যয়নত সমস্যা' শীৰ্ষক এক মূল্যবান প্ৰবন্ধ আছে । প্ৰত্যেক পৃষ্ঠাতে আয়াতসমূহৰ ভাৱাৰ্থ বিষয়ক টীকা টিপ্পনি আছে ।