গীতা         বৰ্ণনা লেখক :লোহিত নাথ
যিসকল লেখকৰ শব্দ সম্ভাৰ, বাক্য-গাঁথনি, ভাষাৰ লালিত্য আৰু জতুৱা ঠাঁচেৰে আমাক সাহিত্যৰ সোৱাদ দিয়ে সেইসকলৰ ভিতৰত ড0 মহেন্দ্ৰ বৰা অন্যতম | ড0 মহেশ্বৰ নেওগৰ ভাষাত "বৰতমণি কলৰ দৰে মিঠা আৰু মলমলীয়া ভাষাৰ ব্যৱহাৰ" ড0 বৰাৰ গদ্যৰ অন্যতম বিশেষত্ব |
গীতাৰ অজস্ৰ ভাঙনি আছে | ড0 বৰাৰ গীতা ভাঙনিৰ মূল বিশেষত্ব হৈছে - প্ৰাচীন অসমীয়া ছন্দ দুলড়ী, পদ, ছবি আদি ছন্দৰ পৰিৱৰ্তে আধুনিক ছন্দৰ ব্যৱহাৰ | নক'লেও হয় ড0 বৰা কেৱল এগৰাকী কৃতবিদ্য অধ্যাপকেই নাছিল, আছিল আধুনিক অসমীয়া শ্ৰেষ্ঠ কবিসকলৰ অন্যতম| অসমীয়া ছন্দশিল্পৰ বিশিষ্ট গৱেষক এইগৰাকী লেখকৰ তাত্বিক লেখাইও ছান্দসিক গতিৰেহে খোজ দিয়ে | এইগৰাকী লেখকৰ আনবোৰ অনূদিত অথবা স্বৰচিত সাহিত্য সম্ভাৰৰ দৰে গীতাও অসমীয়া সাহিত্যৰ এক আপুৰুগীয়া সম্পদ| এই গীতা ভাঙনিত আধ্যাত্মিক জ্ঞানৰ লগতে খুন্দ খাই আছে অনুবাদকৰ সৃষ্টিৰ প্ৰাচুৰ্য, সাহিত্যিক সৌন্দৰ্য| যিসকলে পৌৰাণিক চৰিত্ৰক লৈ কাব্য-চৰ্চা কৰি আছে তেওঁলোকে ইয়াৰ পৰা নতুনত্বৰ সন্ধান পাব পাৰে | অৰ্থাৎ, এই অনুবাদত গীতাই ধৰ্ম শাস্ত্ৰৰ সীমা অতিক্ৰমি মননশীল কাব্যলৈ উত্তীৰ্ণ হৈছে| কাব্য-ৰসিকসকলৰ বাবে ই এক অৱশ্য পঠনীয় শিল্প |