চীন ভাৰতৰ সংঘাত : এটি অৱলোকন        বৰ্ণনা লেখক :দিপক দাস
আমাৰ দেশ ভাৰত আৰু চীনৰ মাজত হোৱা ১৯৬২ চনৰ যুদ্ধ স্বাধীনোত্তৰ ভাৰতৰ এক অতি উল্লেখযোগ্য ঘটনা । এই যুদ্ধৰ প্ৰভাৱ অসমত বিশেষভাৱে পৰিছিল । ১৯৬২ চনৰ অক্টোবৰত যুদ্ধ আৰম্ভ হয় । ২০ অক্টোবৰ ১৯৬২ তাৰিখে চীনে ভাৰত আক্ৰমণ কৰে । যুদ্ধত ভাৰত পৰাজিত হয় । সীমা অতিক্ৰম কৰি চীনৰ সৈন্যই অৰুণাচলৰ বমডিলা পৰ্যন্ত দখল কৰে আৰু তেজপুৰ চহৰলৈ অগ্ৰসৰ হোৱাৰ সম্ভাৱনাই দেখা দিছিল । ২১ নৱেম্বৰ ১৯৬২ তাৰিখে চীনে এক তৰফা যুদ্ধ বিৰতি ঘোষণা কৰে আৰু ওভতি যায় । যুদ্ধৰ সময়ত নিৰাপত্তা হীন অসমীয়া সমাজ এক সাংঘাটিক দূৰৱস্থাৰ সমুখীন হৈছিল ।
অতি আচৰিত কথা যে বহুদিনলৈ দেশ তথা অসমৰ সমাজ প্ৰভাৱিত কৰা ভাৰত আৰু চীনৰ এই যুদ্ধৰ বিষয়ে কোনোধৰণৰ কিতাপ সাধাৰণ পাঠকৰ বাবে সহজে উপলব্ধ হোৱা নাছিল ।
২০১৬ চনত অসমীয়া ক্লাৱ তেজপুৰে প্ৰকাশ কৰা আৰু সাংবাদিক মনোজ বৰাই সম্পাদিত কৰা "চীন ভাৰতৰ সংঘাত : এটি অৱলোকন" কিতাপ আকাৰে ওলায় । দাম ৫০০ টকা । ইয়াত যুদ্ধক ওচৰৰ পৰা দেখা বহুকেইজন ব্যক্তিৰ অভিজ্ঞতাৰ বৰ্ণনা আছে ।