ছবি আৰু কবিতাৰ যুগলবন্দীৰ
এখন ব্যতিক্ৰমী কবিতা সংকলন
        বৰ্ণনা লেখক :গৌতম বৰা
ব্যতিক্ৰমী। সঁচাকৈয়ে ব্যতিক্ৰমী কবিতা সংকলনখন।
২০০১ চনত নগঞা চিত্রশিল্পী প্রণৱ বৰুৱাৰ জন্মদিন উপলক্ষে প্রকাশ কৰিছিল ''বিম্ব প্রতিবিম্ব'' শীৰ্ষক এখনি কবিতা সংকলন । 'বিম্ব প্রতিবিম্ব'ত সৰ্বমুঠ ২১ গৰাকী নগঞা কবিৰ কবিতাৰ লগতে সন্নিবিষ্ট হৈছিল চিত্ৰশিল্পী প্রণৱ বৰুৱাই অংকন কৰা প্রতিজন কবিৰে স্কেচ্ছ ।
নৱকান্ত বৰুৱা, হীৰেণ ভট্টাচার্য, মহিম বৰা, জীৱন নৰহ, অনুভৱ তুলসী আদি কেইবাজনো প্রতিষ্ঠিত কবিৰ কবিতাই স্থান পোৱা সংকলনখনৰ সম্পাদনাৰ দায়িত্বত আছিল দুলাল বৰা । নগাঁৱৰ "বহু আনন্দে" প্ৰকাশ কৰা সংকলনখনৰ মূল্য আছিল মাত্ৰ ১০ টকা।