ছাংপোৰ পৰা ব্ৰহ্মপুত্ৰলৈ         বৰ্ণনা লেখক :প্ৰণৱ কুমাৰ বৰা
ছাংপোৰ পৰা ব্ৰহ্মপুত্ৰলৈ কিতাপখনত আছে লিখকৰ ছৈখোৱাঘাটৰ পৰা গুৱাহাটীলৈ ব্ৰহ্মপুত্ৰইদি কৰা জাহাজৰ যাত্ৰা। লগতে সমান্তৰালভাৱে বৰ্ণাই অহা হৈছে লিখকৰ সহস্ৰাদৰ (২০০০ চনৰ ১ জানুৱাৰী) সূৰ্যোদয় চাবলৈ গুৱাহাটীৰ পৰা অৰুণাচলৰ ডঙলৈ কৰা যাত্ৰাৰ মনোৰম বৰ্ণনা। পঢ়ি থাকিলে এনে লাগে যেন সেই যাত্ৰাৰ ময়ো এজন যাত্ৰী। লিখকে তেওঁৰ লিখনিৰ দ্বাৰা পঢ়ুৱৈক কিতাপখনৰ মাজত সোমোৱাই ৰাখিবলৈ সক্ষম হৈছে। ইয়াৰ ওপৰিও কিতাপখনত আছে ছাংপো আৰু ব্ৰহ্মপুত্ৰ যে এখনেই নদী তাক প্ৰমাণ কৰিবলৈ যোৱা প্ৰায় ডেৰশ-দুশ বছৰ ধৰি চলি থকা বিভিন্ন অভিযানৰ কাহিনী। পঢ়িলে পঢ়ি থাকিব মন যায়।