জাতক         বৰ্ণনা লেখক :দিপক দাস
বৌদ্ধ ধৰ্মই পুনৰ জনমত বিশ্বাস কৰে আৰু গৌতম বুদ্ধৰ অতীত জন্মবৃত্তান্ত সমূহকে জাতকমালা বুলি বিশ্বাস কৰা হয় । আখ্যানমতে বুদ্ধই শিষ্যসকলক উপদেশ দিয়াৰ সময়ত জাতকমালাৰ কাহিনীসমূহ শুনাইছিল । জাতক সমূহৰ মূল ভাষা পালি । মূল জাতকবোৰৰ প্ৰকৃত সংখ্যা কিমান সেইটো নিৰ্ণয় কৰা কঠিন । উত্তৰাঞ্চলৰ বৌদ্ধসকলৰ ৩৪ খন জাতকৰ সংস্কৃত ভাষাত লিখা এখন জাতকমালা আছে । তিব্বতত ৫৬৫ খন জাতকৰ এখন বৃহৎ জাতকমালা আছে বুলি শুনা যায় । অসমীয়ালৈ কেবাটাও খণ্ডত অনুবাদ কৰা হৈছে । অনুবাদক ডঃ থানেশ্বৰ শৰ্মা আৰু সম্পাদনা কৰিছে লক্ষ্মীনাথ তামুলীয়ে । প্ৰকাশক অসম প্ৰকাশন পৰিষদ । প্ৰথম খণ্ডৰ প্ৰথম প্ৰকাশ ২০০৫ চনত । প্ৰথম খণ্ডৰ ২০১৪ চনৰ দ্বিতীয় প্ৰকাশনৰ মুঠ পৃষ্ঠা ৩৫৮ আৰু দাম ২২৫ টকা মাত্ৰ ।