নয়নতৰা আৰু ১১টা গল্প         বৰ্ণনা লেখক :দীপাঞ্জলি দেৱী
ড° ভবেন্দ্ৰ নাথ শইকীয়া অসমৰ এক উজ্জ্বল নক্ষত্ৰ ।
তেখেতৰ সৃষ্টিৰাজিয়ে অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতক চহকী কৰিছে ।
তেখেতৰ সাহিত্য-কৃতিৰ সুকীয়া বৈশিষ্ট্য আছে ।
তেখেতৰ গ্ৰন্থৰাজিৰ ভিতৰত "জীৱন-ৰেখা" অন্যতম ।
"জীৱন-ৰেখা" গল্প নহয়, উপন্যাস নহয়, প্ৰৱন্ধ নহয়, নাটক নহয় ; ই তেখেতৰ জীৱনৰ কিছু ৰেখা ; যিয়ে তেখেতৰ ব্যক্তিত্বৰ অংকন কৰিছে ।
"জীৱন-ৰেখা" ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ জীৱনৰ এচোৱা আপুৰুগীয়া সময়ৰ ডায়েৰী ।
১৯৮৩ চনৰ ১৪ জানুৱাৰীৰ পৰা ১৯৯০ চনৰ ৩১ ডিচেম্বৰলৈ লিখিত এই ডায়েৰীয়ে শইকীয়াদেৱৰ বিষয়ে জনাত পাঠকক সহায় কৰে ।
এইখন কেৱল ডায়েৰী নহয়, ভবেন্দ্ৰনাথ শইকীয়াদেৱৰ কৰ্মৰাজি, দৈনন্দিন জীৱন-ধাৰা, তেখেতৰ আদৰ্শ, দৃষ্টিভঙ্গী, মনোজগতৰ বিষয়ে বুজাত সহায়ক হোৱা এক গ্ৰন্থ ।
তেখেতৰ সমসাময়িক সমাজ, দেশৰ অৱস্থাৰ উমান পোৱাৰ লগতে অসমৰ সাহিত্য-সংস্কৃতিৰ জগতখনৰ বিষয়েও বহু কথা জানিৱ পৰা যায় ।
সেই সময়চোৱাত অসমৰ সাহিত্য-সংস্কৃতিৰ লগত নিবিড়ভাৱে জড়িত হৈ তেখেতে যি চানেকি ৰাখি গৈছে সেয়া অসমীয়াৰ বাবে সদা স্মৰণীয় ।
"জীৱন-ৰেখা"ত অসমৰ বিভিন্ন মহলৰ গুণী-জ্ঞানী ব্যক্তিসকলৰ বিষয়েও উল্লেখ আছে, যিসকল তেখেতৰ সংস্পৰ্শলৈ আহিছিল ।
অসমৰ আগশাৰীৰ আলোচনী প্ৰান্তিকৰ সম্পাদনা কৰা, গ্ৰন্থ ৰচনা, গল্প-উপন্যাস লিখা, ভ্ৰাম্যমান থিয়েটাৰ আৱাহনৰ লগত অনবৰতে লাগি থকা, নাটক লিখা, ৰিহাৰ্চেল কৰোৱাৰ উপৰি বোলছৱি নিৰ্মাণ, সঁফুৰাৰ কাম কৰিও তেখেত আন বহু কামৰ লগত জড়িত হৈছিল ।
তেখেতে কৰা প্ৰতিটো কৰ্মই বিশেষ মৰ্যাদা পাইছিল ।
এইবোৰৰ উপৰি বিভিন্ন সভা-সমিতিতো তেখেত উপস্থিত আছিল ।
তেখেত এগৰাকী ব্যক্তি বিশেষ নাছিল, আছিল এক বিশাল অনুষ্ঠান ।
ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ কৰ্মৰাজিৰ বিষয়ে কম পৰিসৰত সীমিত ভাষাজ্ঞানেৰে বৰ্ণনা কৰিবলৈ আমাৰ দৰে অল্পমতি অপাৰগ ।
ডায়েৰী হোৱা হেতুকে "জীৱন-ৰেখা"ত কোনো এক বিষয়ে বিস্তাৰিতভাৱে নাই ।
প্ৰতিদিনৰ কথাবোৰ পঢ়ি গৈ এক মহাসাগৰত অৱগাহন কৰা যেন হৈ পৰে ।
"জীৱন-ৰেখা" পঢ়িলে মই আচৰিত হওঁ ।
এজন মানুহ, এসোপা কাম, দিনৰ মাত্ৰ চৌবিশটা ঘণ্টা ।
তাৰে কেইটামান ঘণ্টা শোৱা-খোৱা, নিত্য-নৈমিত্তিক কৰ্ম কৰাৰ বাবে প্ৰত্যেককে ব্যক্তিগতভাৱে সুকীয়াকৈ লাগে ।
এইবোৰক বাদ দি মাথো কেইটামান ঘণ্টা এটা দিনত ।
এইখিনি সময়তে ইমানবোৰ কাম সমাধা কৰাটো মোৰ বাবে আশ্চৰ্যৰ কথা ।
সময়ৰ সৰু-সৰু অংশকো পৰিশীলিতভাৱে নিয়াৰিকৈ কামত খটুৱাব জানিছিল ভবেন্দ্ৰ নাথ শইকীয়াদেৱে ।
তাৰমাজতে মনোৰঞ্জনো কৰিছিল, টি ভি চাইছিল, টি ভিত সম্প্ৰচাৰিত খেল উপভোগ কৰিছিল, পৰিয়ালক সময় দিছিল, পৰিয়ালৰ প্ৰতি কৰ্তব্য পালন কৰিছিল ।
"জীৱন-ৰেখা" পঢ়ি আন কিতাপত নোপোৱা সোৱাদ, জ্ঞান আহৰণ কৰিব পাৰি ।
কিতাপখনৰ বেটুপাত ৰবীন বৰুৱাৰ ।
প্ৰকাশক : জ্যোতি প্ৰকাশন
মূল্য : ১০০.০০ টকা (দ্বিতীয় সংস্কৰণ, ডিচেম্বৰ, ২০০৩)