দুৱৰাৰ কাব্য প্ৰতিভা         বৰ্ণনা লেখক :গৌতম বৰা
বিংশ শতিকাৰ অসমীয়া ৰোমাণ্টিক কবিসকলৰ ভিতৰত এগৰাকী শ্ৰেষ্ঠ কবি যতীন্দ্ৰনাথ দুৱৰা। 'বনফুল' কাব্য গ্ৰন্থৰ কাৰণে ১৯৫৫ চনত প্ৰথমবাৰৰ কাৰণে অসমীয়া সাহিত্যলৈ সাহিত্য অকাডেমী বটা কঢ়িয়াই আনিবলৈ সক্ষম হোৱা যতীন্দ্ৰনাথ দুৱৰাৰ ওমৰ তীৰ্থ আন এখন বিখ্যাত কাব্য গ্ৰন্থ য'ত ছুফীবাদৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়।
আলোচ্য 'দুৱৰাৰ কাব্য প্ৰতিভা' শীৰ্ষক গ্ৰন্থখনত সৰ্বমুঠ ১৯ টা প্ৰবন্ধ আছে। দুৱৰাৰ কবি প্ৰতিভা তথা তেওঁৰ কবিতাৰ সম্পৰ্কে আনন্দ চন্দ্ৰ বৰুৱা, নীলমণি ফুকন, নকুল চন্দ্ৰ ভূঞা, ড° বিৰিঞ্চি কুমাৰ বৰুৱা, পদ্মধৰ চলিহা, আব্দুছ ছাত্তাৰ, মুনীন বৰকটকী, ড° হীৰেন গোঁহাই, লীলা গগৈ, মহেন্দ্ৰ বৰাৰ দৰে প্ৰতিষ্ঠিত ব্যক্তিসকলে লিখিছে। ' বনফুলৰ কবি' যতীন্দ্ৰনাথ দুৱৰাৰ কাব্য প্ৰতিভাৰ বিষয়ে এইখন এখন উল্লেখযোগ্য গ্ৰন্থ।
প্ৰকাশক - ৰংপুৰ সাহিত্য সভা,শিৱসাগৰ ,প্ৰথম প্ৰকাশ - ১৯৭২ , দ্বিতীয় প্ৰকাশ - ১৯৯৩