নামঘৰ বুৰঞ্জী অৰু বিৱৰণ         বৰ্ণনা লেখক :দিপক দাস
নামঘৰ আমাৰ অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱনৰ আধাৰস্বৰূপ । নামঘৰে আমাৰ জাতীয় জীৱনত এক বিশিষ্ট স্থান অধিকাৰ কৰি আছে । এই মূল্যৱান গ্ৰন্থখনত লিখকে নামঘৰৰ বিষয়ে সবিশেষ সন্নিৱিষ্ট কৰিছে । নামঘৰৰ সৱিশেষৰ উপৰিও পূৰণি অসমৰ উপাসনা স্থলী, ভক্তি আন্দোলন, সত্ৰ ব্যৱস্থা, নিৰ্বাচিত সত্ৰ নামঘৰ আদিৰ বিষয়ে তথ্য সহকাৰে আলোচনা কৰা হৈছে । লিখক পুলিন কলিতা আৰু প্ৰকাশক অসম প্ৰকাশন পৰিষদ । প্ৰথম প্ৰকাশ ২০১৪ চনত, মুঠ পৃষ্ঠা ২৫৬ আৰু মূল্য ২০০ টকা মাত্ৰ ।