নামত মাজুলী কহয় সৱে         বৰ্ণনা লেখক :ববিতা বড়া গগৈ
উপন্যাসখনৰ নামটোৱেই বহন কৰিছে তাৰ ভিতৰৰ কাহিনীভাগ। জয়ন্ত মাধৱ বৰা ৰ উপন্যাস "নামত মাজুলী কহয় সৱে" সম্পূৰ্ণৰূপে মাজুলীক আধাৰ হিচাপে লৈ ৰচিত হৈছে। সাৱলীল উপস্থাপন আৰু এক অভিনৱ কথনশৈলীৰে ঔপন্যাসিকে উপন্যাসখন আগবঢ়াই নিছে। উপন্যাসখনক তিনিটা খণ্ডত শেষ কৰিছে। তিনিটা খণ্ডই তিনিটা যুগক জীৱন্ত ৰূপত তুলি ধৰিছে
সৌ তেতিয়াৰ প্ৰাচীন মাজুলীৰ পৰা বৰ্তমানৰ আধুনিক মাজুলীলৈকে বৰ সুন্দৰকৈ বিস্তাৰিত হৈ পৰিছে কাহিনীভাগ। ধৰ্মীয় ৰীতি নীতি, আচাৰ ব্যৱহাৰ, কু সংস্কাৰ, অন্ধবিশ্বাসৰ মাজুলীৰ পৰা শিক্ষাৰ প্ৰসাৰতা, সাংস্কৃতিকভাৱে আগৰণুৱা লৈকে, অৰ্থনৈতিক অৱস্থাৰ পৰা গৰাখহনীয়ালৈকে এই সকলোবোৰ তথ্য মিলি উপন্যাসখনক এক অনন্য মাত্ৰা প্ৰদান কৰিছে।
"গোটবৰালী মাছ খোৱা মাজুলীয়াল, পিছ পৰা মাজুলীৰ পৰা পিছ নপৰি আগবাঢ়িবি নেকি? যা যা, পঢ়িব নালাগে, মাজুলীতে বহি গোঁসাইৰ প্ৰসাদ খাই থাকগৈ"
উদ্ধৃত বাক্যশাৰীয়েদি আৰম্ভ হৈছে উপন্যাসখন। এইয়া সৌ তাহানিৰ মাজুলী, প্ৰাচীন মাজুলীৰ কথা। ঠিক ১৯০০ চন মানৰ। সেই সময়বোৰত মাজুলীৰ মানুহৰ প্ৰতি মাজুলীৰ বাহিৰৰ মানুহৰ ধাৰণা কেনে আছিল ওপৰোক্ত বাক্য শাৰীতে ধুনীয়াকৈ ফুটি উঠিছে। আৰু ইয়ে আকৰ্ষণ বঢ়াইছে উপন্যাসখনৰ ভিতৰভাগ জানিবলৈ। মাজুলী মানে পিছপৰা, মাজুলী মানে মাছ, মাজুলী মানেই মাহ প্ৰসাদ বুলিয়ে যেন গন্য কৰিছিল সেই সময়ৰ বহুত গন্য মান্য লোকে। তাৰ আঁত ধৰিয়ে আগবাঢ়ি গৈছে উপন্যাসখনৰ কাহিনীভাগ।
আৰম্ভ কৰিছে গোটবৰালী বুলি নাম পোৱা কেশৱ ৰাম বৰাৰ শিক্ষা জীৱনৰ তিতা মিঠা অভিজ্ঞতাৰ কথা। কেনেদৰে মাজুলীত শিক্ষাৰ কোনো ব্যৱস্থা নথকাকৈ অ আ ক খ শিকাৰ পৰা আৰম্ভ কৰি একেবাৰে গুৱাহাটীৰ পৰা বি এছ চি পাছ কৰি অহালৈকে সেই সূদীৰ্ঘ সময়ছোৱাৰ দস্তাবেজ এই উপন্যাস।
পঢ়ি যাওঁতে চকুৰ আগত ভাঁহি গৈছে ধৰ্মীয় অনুশাসনৰ নামত প্ৰচলিত বাল্য বিবাহ। ভাঁহি উঠিছে মাজুলীৰ সৃষ্টিৰ কথা, মাজুলীৰ নামাকৰণৰ কথা। গায়ন বায়নৰ সুৰীয়া শব্দ , মিচিং ঐনিতমৰ মন জুৰুৱা সুৰীয়া ছন্দ।
তাৰ মাজতে গুৰু দুজনাৰ মিলন, বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ পৰা আৰম্ভ কৰি প্ৰথম সত্ৰ কমলাবাৰী সত্ৰৰ প্ৰতিষ্ঠা উপন্যাসখনৰ অন্য এটা গুৰুত্বপূৰ্ণ দিশ। কমলাবাৰী সত্ৰৰ পিছত ইখন সিখন কৈ সত্ৰ সমূহৰ স্থাপনৰ সুন্দৰ আখ্যান বৰ্ণিত হৈছে নামত মাজুলী কহয় সৱে ত।
মানুহৰ মাজত থকা উচ্চ নীচ ভেদাভেদ আঁতৰাবলৈ সেই সময়ৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীকে আদি কৰি মুষ্টিমেয় কিছু লোকে কৰা অহোপুৰুষাৰ্থ, বৃটিছ খেদিবলৈ কৰা আন্দোলনৰ সময়ৰ বৰ্ণনাই মাজে মাজে আবেগিক কৰি তুলিলে।
শংকৰ গুৰুৱে আমাক এটা ডাঙৰ শিক্ষা দি গৈছে। সমাজৰ নেতৃত্ব দিবলৈ যাওঁতে নিৰ্বিশেষে মানুহৰ লগত অভিন্ন হৃদয়েৰে সম্পৰ্ক স্থাপন কৰি একাকাৰ হৈ যাব পাৰিব লাগিব। জাতিৰ সৰ্বাংগীন উন্নয়ন সম্ভৱ হবলৈ উচ্চ নীচৰ ভেদাভেদ নথকা সমতাৰ ভিত্তিত এখন সমাজ ৰচনা হ'ব লাগিব পীতাম্বৰ দেৱ গোস্বামীৰ মুখেৰে ঔপন্যাসিকে আমাৰ মাজলৈ আগবঢ়াই দিছে এনেকুৱা একোষাৰ সেন্দুৰীয়া কথা।
সত্ৰৰ স্থাপন, নামলগোৱা, পাঠেক, গায়ন, বায়ন ৰ পৰা কেৱলীয়া ভকতৰ কথাৰে সমৃদ্ধ হৈ আছে উপন্যাসখনৰ প্ৰথম টো খণ্ড।
ঔপন্যাসিকৰ মতে জীৱনৰ এটা নিজস্ব অৰ্থ আছে। সেইয়া আপুনি, মই বা যিয়েই নহওক কিয়।
সৌ তাহানিতে এখনো স্কুল নথকা মাজুলীত এল পি স্কুলৰ স্থাপন, তাৰ পাছত হাই স্কুল তাৰ পিছত কমলাবাৰীত মাজুলীৰ প্ৰথমখন কলেজ খোলালৈকে যি হাড় ভঙা কষ্ট তাৰ জীৱন্ত দলিল নামত মাজুলী কহয় সৱে।
লাহে লাহে স্বাধীনতাৰ সূৰ্যই ভুমুকি মৰাৰ পিছৰ মাজুলীৰ কথা আৰম্ভ হৈছে দ্বিতীয় খণ্ডত। এই খণ্ডটিত আপোনালোকে বৃস্তিতভাৱে জানিব পাৰিব মাজুলীৰ সেই সময়ৰ জনজীৱনৰ গাথা। স্বাধীনতাৰ পাছত বাৰে বাৰে গৰাখহনীয়াই জুৰুলা কৰা মাজুলীৰ প্ৰতিছবি খনে বাৰে বাৰে দুচক সেমেকাই তুলিলে।
খহনীয়া মানেই সকলোৰে সমাপ্তি বুলি কোৱা কথাষাৰে মৰ্মে মৰ্মে উপলব্ধি কৰাই গৈছে খহনীয়াই অৱৰোধ কৰা মাজুলীৰ জনজীৱন। গৰাখহনীয়া প্ৰকোপ আৰু সেই গৰাখহনীয়াৰ ৰোধৰ নামত ঠিকাদাৰ, ইঞ্জিনিয়াৰৰ জেপ গৰম হোৱাৰ কথাই আপোনাৰো যে খং উঠাব মই নিশ্চিত। লগতে কৈ যাব ১৯৫০ ৰ বৰ ভুমিকম্পৰ কথাও। এই প্ৰাকৃতিক দুৰ্যোগ বোৰৰ ভিতৰতে বৰ কৌশলেৰে ঔপন্যাসিকে প্ৰবেশ ঘটাইছে আলফাৰ। স্বাধীনতাৰ পাছত আলফাৰ জন্ম, আলফাৰ উপদ্ৰৱে স্থান পাইছে এই দ্বিতীয় খণ্ডত। ব্যৱস্থা এটা সলাবলৈ হ'লে ব্যৱস্থাটোৰ ভিতৰত সোমাই ল'ব লাগিব বোলা কথাষাৰ যেন আমাৰ জীৱনৰ লগতো প্ৰযোজ্য। মাজুলীক নিজতকৈও বেছি ভাল পোৱা মুষ্টিমেয় কিছু লোক আনহাতে কেৱল নিজৰ স্বাৰ্থৰ বাবে জীয়াই থকাৰ এখিনি মানুহৰ মাজৰ সংঘাত বৰ স্পষ্টকৈ উল্লেখ কৰিছে লেখকে। তাৰ মাজতে প্ৰেম, ভালপোৱা, প্ৰতাৰণা, বিশ্বাসঘাটকতাৰ বাস্তৱিক প্ৰতিফলনে বাৰে বাৰে ভাবিবলৈ বাধ্য কৰাইছে আমি প্ৰকৃততে কি? স্বাধীনতা সংগ্ৰামৰ নামত আলফাৰ কৰ্ম কাণ্ড, মাজুলীৰ হকে কাম কৰিবলৈ অহা বহিৰাগত লোকক হাৰাশাস্তি, দাবি ধমকি, হত্যা, অপহৰণৰ দৰে নিকৃষ্ট ঘটনাক্ৰমৰ বৰ্ণনাই শিঁহৰিত কৰি তুলিব আপোনাকো। আৰু এই সকলোবিলাকৰ উপস্থাপনেৰে শেষ কৰিছে দ্বিতীয় খণ্ড।
মাজুলী বুলি ক'লেই বতাহত ভাঁহি উঠে খোলৰ আবেগে আপ্লুত সুধা স্নিগ্ধ পবিত্ৰ শব্দ - ধেই খিত্ খিত্ ধেই, মাজুলী বুলি ক'লেই ভাঁহি আহে কাহিলী পুৱা কোনোবা উদাসীন ভকতৰ কণ্ঠ - তেজৰে কমলাপতি পৰভাতে নিন্দ অথবা গোবিন্দ মন লাগি সুমৰিতে তনু জ্বলে আহি, মাজুলী বুলি ক'লেই বতাহত ভাঁহি উঠে প্ৰেম বিষাদৰ নৈপৰীয়া ঐনিতম এটি - আদি জিলি জিলিক মিকচি জিলিক জিলিক, লুইত সোঁৱনশীৰিৰ পাৰৰ চাং ঘৰ এটা
এনেদৰেই আৰম্ভ হৈছে উপন্যাসখনৰ তৃতীয় খণ্ডটো। এই খণ্ডক মাজুলীৰ বৰ্তমান বুলি ভাবিব পাৰি। সৌ তেতিয়া যাতায়তৰ ব্যৱস্থা নথকা মাজুলীৰ পিছত বৰ্তমান ফেৰি চলাচলৰ সুবিধালৈকে বৰ্ণিত হৈছে এই খণ্ডত। কেশৱ ৰাম বৰা হঁতে সপোন দেখা আধুনীক মাজুলীৰ কথা বৰ্ণিত হৈছে এই খণ্ডত। মাজুলী আধুনিক হ'ল। মানুহবোৰ শিক্ষিতও হ'ল। তাৰ পিছতো যেন কিবা এটা আধৰুৱা। সেইয়ে হয়তো ৰাতিপুৱা খোজ কাঢ়িবলৈ ওলাই যোৱা গাভৰু ছোৱালীজনীক মাকে সকিয়াই এনেকৈ অকলে ওলাই নাযাবলৈ। দিন কাল বেয়া হোৱাৰ কথা কয়। মাজুলী আধুনিক হ'ল। বিশ্ব দৰবাৰত ঐতিহ্য হিচাপে ও প্ৰতিষ্ঠা হ'ল। অথচ গৰাখহনীয়াৰ সমস্যা আজিও যেন একেভাগে ৰৈছে।
মাজুলী সেই প্ৰাচীন সময়ৰ, মাজুলী বৰ্তমানৰ। উপন্যাসখনৰ কথনশৈলীয়ে মোৰ দৰে বহুতকে ভাবুক কৰি তুলিব যে মই নিশ্চিত। নামত মাজুলী কহয় সৱে উপন্যাসখনক আচলতে মাজুলীৰ জীৱন্ত দলিল বুলি কলেও বঢ়াই কোৱা নহয়। মাজুলীৰ ইতিহাস জানিবলৈ আপুনিও পঢ়িব পাৰে উপন্যাসখনি।