নৈৰ দৰে         বৰ্ণনা লেখক :দৰ্শনা কলিতা
মানুহৰ জীৱনত ক'ত দুখ,হতাশা,অশান্তি,তথাপিতো স্থৱিৰ হৈ নাযায় মানুহৰ জীৱন।ন উদ্যমেৰে,ন আশাৰে জীৱনে পুণৰ পোখা মেলে।জীৱনে পুণৰ আৰম্ভ কৰে অপ্ৰাপ্তিৰ মাজতে প্ৰাপ্তিৰ অন্বেষণ। এৰা, জীৱন অহৰহ আগবাঢ়ি গৈ থাকে,বৈ থাকে, ঠিক #নৈৰ_দৰে।প্ৰতিটো গল্পই সমাজলৈ একো একোটা সদৰ্থক তথা যোগাত্মক বাৰ্তা প্ৰেৰণ কৰে।
গল্পবোৰ সজীৱ আৰু জীৱন্ত কৈ সজাব পৰাটোত গল্পকাৰৰ সাফল্যতা ফুটি উঠিছে ।
ছোৱালী,কইনা,ৰং,পৃথিৱী আদিকে ধৰি আটাইকেইটা গল্পই পাঠকক এক অনন্য সোৱাদ দিব।
ৰং আৰু কইনা গল্পত সংবেদনশীল লেখকৰ কলমেৰে সমাজত প্ৰচলিত কিছু অন্ধ নীতি-নিয়ম আৰু গোড়ামিৰ তীব্ৰ বিৰোধিতা কৰিছে । “ছোৱালী” গল্পটোত মাতৃহীনা ছোৱালীৰ প্ৰতি দেউতাকৰ মৰম খিনিয়ে দুচকু অশ্ৰুসিক্ত কৰি তুলিলে।
পুৰুষ হোৱা স্বত্ত্বেও নাৰী মনস্তত্ত্বৰ ওপৰত কিমান বেছি জ্ঞান থাকিলে আবিয়ৈ ছোৱালী এজনীৰ মনৰ বেদনা ইমান নিখুটভাৱে ফুটাই তুলিব পাৰিব, সেইটো "কইনা" শীৰ্ষক গল্পটো পঢ়াৰ পিছত পাঠকে নিজেই অনুমান কৰিব পাৰিব।
"ধুনীয়া মানুহজনীয়ে" পাঠকক হৃদয়েৰে ধুনীয়া হৈ জী থাকিবলৈ শিকাব।
“জীৱ-জড়” এটা অগতানুগতিক গল্প । ইয়াৰ কথনশৈলী সামান্য সুকীয়া ।
সঞ্জীৱন প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা সুৰুচিপূৰ্ণ পঠনযোগ্য এই গ্ৰন্থখন পঢ়াৰ পিছত পাঠকৰ মনতো আবেগৰ জোৱাৰ উঠিব ঠিক নৈৰ দৰে।