নয়নতৰা আৰু ১১টা গল্প         বৰ্ণনা লেখক :দীপাঞ্জলি দেৱী
অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ "নয়নতৰা আৰু ১১টা গল্প"ৰ "নয়নতৰা" গল্পটি পঢ়াৰ পিছত মনৰ ভিতৰত এক বুজাব নোৱাৰা অনুভৱৰ সৃষ্টি হৈছে ।
গল্পকাৰৰ তীব্ৰ জীৱনবোধে গল্পটোক এক অনন্য ৰূপ দিছে । গল্পৰ ঠায়ে ঠায়ে তেওঁৰ মন্তব্যই গল্পৰ কাহিনীক গতি দিয়াৰ লগে লগে পাঠকক জীৱনৰ কিছু সত্য বুজিবলৈ সুযোগ দিছে ।
নয়নতৰা এখন বিলাসী ডিপাৰ্টমেণ্টেল ষ্ট'ৰ ।
অনেকজনৰ অনেক প্ৰয়োজন পূৰোৱা নয়নতৰাই চহকী পৃথিৱীৰ বাসিন্দাসকলক অধিক বিলাসী কৰি তুলিছে । নয়নতৰাই মানুহক দিছে মানুহৰ সান্নিধ্য ।
শূন্য বটলৰ দৰে জীৱনটোক পৰিপূৰ্ণ কৰাৰ হাবিয়াসেৰে মানুহৰ সঘন আহ-যাহ নয়নতৰালৈ ।
গল্পটোৰ শেষৰফালে আগুৱাই যোৱাৰ লগে লগে নয়নতৰাৰ প্ৰেমত পৰিব ল'লো ।
নয়নতৰাক গল্পকাৰে ভাল পাবলৈ সুযোগ দিছে ; কিন্তু মনত নয়নতৰাক খোপনি পুতিব দিয়া নাই ।
গল্পৰ শেষত গল্পকাৰে নয়নতৰাৰ সমুখতে ৰাস্তাৰ কাষতে থৈলা পাৰি বহুৱাইছে কলডিল, ঢেঁকীয়া, নেমু, কলমৌ, খুতৰা শাক বেচা মানুহক ।
উস্ ! প্ৰাচুৰ্যৰ পৃথিৱীৰ পৰা গিৰিসকৈ খহি পৰিছো ।
বিলাস-বৈভৱৰ পৰা ঘূৰি আহিছো আচল জীৱনলৈ, খাটি খোৱা মানুহৰ বুকুলৈ ।
গল্পকাৰে গল্পৰ শেষৰফালে কৈছে,
"নয়নতৰাত নোপোৱাখিনি লৈ বহি থকা বেপাৰীকেইজনে নাজানে নয়নতৰাত কি পোৱা যায় । নজনাই ভাল তেওঁলোকে । জনা হ'লে ইমান প্ৰাচুৰ্যৰ অট্টালিকাৰ সমুখত ঢেঁকীয়া, কলডিল লৈ বহাৰ সাহসেই নহ'লহেঁতেন চাগৈ ।"
সঁচা, নয়নতৰাৰ দৰে ষ্ট'ৰবোৰ বিলাসিতা মাথোন ।
জীৱনৰ অপৰিপূৰ্ণতাক পূৰাবলৈ চেষ্টা কৰা বিলাসিতা ।
আচলতে বিলাসী ষ্ট'ৰ নহ'লেও চলিব পৰা জীৱনতেই আছে পৰিপূৰ্ণতা, জীৱনৰ মাদকতা ।
"নয়নতৰা" অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ এটা সাৰ্থক গল্প ।
"নয়নতৰা আৰু ১১টা গল্প"ৰ বেটুপাতত চিত্ৰশিল্পী প্ৰদীপ নাথৰ তুলিকাত "নয়নতৰা"ৰ প্ৰতিফলন হৈছে ।