পপীয়া তৰাৰ সাধু         বৰ্ণনা লেখক :কাশ্মীৰি শৰ্মা
উপন্যাসখনৰ মুখ্য চৰিত্ৰ "জেউতি" |
উচ্চাকাংক্ষী,প্ৰতিভাৱান ষোড়শী যুৱতী। এখন সৰু চহৰৰ পৰা সাংবাদিকতাৰ সপোনক পূৰ কৰাৰ আশাত মহানগৰীলৈ যাত্ৰা। কৃত্ৰিমতাবিহীন সপোনপিয়াসী গাভৰুজনীয়ে প্ৰাপ্তিৰ আপাহত কি পালে,কি হেৰুৱালে তাৰ কি সুন্দৰ বর্ণন! প্ৰতিভাৰে পৰিপুষ্ট ব্যক্তিত্বৰ জটিলতাৰে পৰিপূৰ্ণ এখন লেতেৰা জগতত লুতুৰী পুতুৰী হৈ জেউতিয়ে দেখিলে বাস্তৱ, কিন্তু বহু পলমকৈ। উপন্যাসখনৰ অন্যান্য সবল চৰিত্ৰসমূহ হল সুবিমল ফুকন, অপৰ্ণা, অলকা, সত্যেন, অপূৰ্ব, ৰূপালী, মনোৰমা, নবাৰুণ, শুভ্ৰ, প্ৰীতম। হেঁপাহ, সপোন লৈ দৌৰি থকা ছোৱালীজনী মায়াময় জালত সোমাই পৰাত শুভাকাংক্ষীৰ উপদেশ বাণী বোৰ হৈ পৰিছিল বান্ধোন আৰু সকলোকে উপেক্ষা কৰি আগবাঢ়িছিল মাথো আগলৈ। তাইৰ অবিবেচনা তাইৰ দৃষ্টিত আছিল খ্যাতিৰ শীৰ্ষস্তৰ। স্বোপাৰ্জিত ব্যৰ্থতাৰ নাম দি যদি তাইক উপেক্ষা কৰা যায়,তেনেহলে তাইও এটা সাধাৰণ চৰিত্ৰ, কিন্তু প্ৰকৃতাৰ্থত তাই বা আমি সাধাৰণ বুলি ভবা প্ৰতিজন মানুহৰে জীৱন যে অসাধাৰণ তাক লেখিকাই উপস্থাপন কৰিছে উপন্যাসখনত। বিখ্যাত সাহিত্যিক, সাংবাদিক সকলৰ সান্নিধ্যলৈ আহি জেউতিয়ে যি অহংকাৰ আৰু নিৰাপত্তা অনুভৱ কৰিছিল সেইয়া আছিল নিজৰ বাবে আয়োজন কৰা ধ্বংস যজ্ঞ। সুবিমল ফুকন নামৰ দৈনিক বাতৰিৰ সম্পাদকজনৰ লগত চিনাকি হৈ তেওঁৰ জৰিয়তে নতুন জগতত ভৰি দিছিল।তাৰপাছত নিজৰ লেখাবোৰ প্ৰকাশ হৈছিল এটা দুটাকৈ। তাইৰ আশা যে তাইও হব এগৰাকী প্ৰখ্যাত সাংবাদিক। এফালে যদি তাইৰ লেখা প্ৰকাশ হৈছিল আনফালে সেই ৰংচঙীয়া কিন্তু অশ্লীল জগতত অশ্লীল ছোৱালীৰ পৰিচয় সৃষ্টি কৰিছিল নিজৰ বাবে। সকলোৰে চৰিত্ৰ প্ৰকাশ হোৱাৰ পাছতো জেউতিয়ে তাইৰ সৰলতাৰে সেই প্ৰবঞ্চনাৰ মাজত বিচাৰি পাইছিল আকুলতা। তাইৰ প্ৰতি মৰম আৰু পুতৌৰ অভিনয় বোৰত সত্যতা দেখিছিল
কামনা চৰিতাৰ্থ কৰি হত্যাৰ চেষ্টাও কৰিছিল। কিন্তু মুমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি সুস্থ কৰি তুলিছিল তাইক সেইসকল লোকে যিসকল তাইৰ বাবে তাইৰ যাত্ৰাপথৰ হেঙাৰ আছিল, ঈৰ্ষান্বিত আছিল তাইৰ বাবে। জীৱনৰ সকলো ৰং দেখি শেষ হোৱা জেউতিয়ে লেখিকা জীৱনৰ গুৰু আৰু আদর্শ হিচাপে মানি লোৱা অপৰ্ণা বাইদেউক গুৰু দক্ষিণা প্ৰদান কৰাৰ আত্মসন্তুষ্টি লৈ নবাৰুণ ভিনীয়েকৰ কথা ৰাখি পাপী, মুখা পিন্ধা লোকসকলৰ নাম নোলোৱাকৈ নিৰ্বিকাৰ ভাবে থাকি শেষত আত্মহননৰ পথ বাছি লৈ নীৰৱে মেলানি মাগিলে পৃথিৱীৰ পৰা। ইমানতে অৱশ্যে সমাপ্তি নহয়। শেষত তাইৰ জীৱনৰ পাণ্ডুলিপি প্ৰকাশ কৰি অপৰ্ণা বাইদেউ আৰু সত্যেন নামৰ সাংবাদিক জনে জটিলতাৰ লগত যুঁজি প্ৰতিজন মানুহৰে চৰিত্ৰক লোকচক্ষুৰ আগলৈ আনি মৃত্যুৰ পিছত হলেও ন্যায় প্ৰদান কৰিলে জেউতিক।
উপন্যাসখন মোৰ বাবে অনন্য অনুভৱ। সুন্দৰ বর্ণন প্ৰতিটো মুহূৰ্তৰ। লেখকৰ সাফল্য তাতেই যেতিয়া বাস্তৱ জীৱনৰ সৰু কথা, সাধাৰণ বুলি উলাই কৰা বিষয় এটাক মনোগ্ৰাহীকৈ উপস্থাপন কৰি পাঠকৰ অন্তৰত আলোড়ন সৃষ্টি কৰিব পাৰে। "পপীয়া তৰাৰ সাধু" এ সচাকৈ অন্তৰ চুই যায়।।