পাছচোতালৰ কথকতা         বৰ্ণনা লেখক :দীপাঞ্জলি দেৱী
অৰূপা পটঙ্গীয়া কলিতা বাইদেউৰ "পাছচোতালৰ কথকতা" এখন সুখপাঠ্য গল্পপুথি ।মুঠ বাৰটা গল্পৰ সংকলনখনৰ প্ৰতিটো গল্পই পাঠকক সুকীয়া আনন্দ প্ৰদান কৰে ।বাস্তৱ জীৱনৰ ঘটনা-পৰিঘটনাৰ প্ৰতিফলন হৈছে গল্পসমূহত ।
গল্পপুথিখনৰ "পাছচোতালৰ কথকতা"
এটা বিশেষ গল্প, যাৰ নামেৰে কিতাপখনৰো
নাম দিয়া হৈছে ।
গল্পটোৰ জৰিয়তে গল্পকাৰে প্ৰতিবাদ কৰিছে তথাকথিত সমাজত নাৰীক লৈ ৰচিত কিছুমান নিয়ম, হাক-বচনৰ বিৰুদ্ধে । গল্পটোত বিধৱা নাৰীৰ
খাৱন, পিন্ধন, জীৱন-ধাৰণক আমাৰ সমাজে যি সীমাৱদ্ধতা দিছে তাৰ উল্লেখ কৰিছে ।
পুত্ৰৱতী মাতৃক ভাগ্যৱতী আৰু কন্যা সন্তানৰ মাতৃক অভাগিনী বুলি মানুহে বিশ্বাস কৰে । ইয়াৰ বিৰুদ্ধে গল্পকাৰৰ মনৰ ক্ষোভ গল্পত প্ৰকাশ পাইছে ।
দুটা খণ্ডৰ গল্পটোৰ দ্বিতীয় খণ্ডত কন্যাকাল পোৱা
ছোৱালীৰ প্ৰতি সমাজৰ কঠোৰ নিয়মক লৈ প্ৰতিবাদ তীব্ৰতৰ হৈছে ।
এই গল্পটো পঢ়িবলৈ বহু বছৰ হ'ল ।
এতিয়াও ই মনত সজীৱ হৈ আছে ।
কিতাপখনৰ গল্পবোৰত সাধাৰণ মানুহৰ
হিয়াৰ আৰ্তনাদ শুনিব পোৱা যায় ।
শেষৰ গল্প "জীৱন ভৰা-নদী"ত
হাতীৰ উপদ্ৰৱ আৰু হাতী খেদিবলৈ মানুহে সাধাৰণতে কৰা চেষ্টা আৰু কামবোৰ, তেওঁলোকৰ মনৰ অৱস্থাৰ কথা ফুটি উঠিছে ।
গল্পপুথি খনৰ প্ৰতিটো গল্পৰ শৈলীত অৰূপা পটঙ্গীয়া কলিতা বাইদেউৰ সফলতা দেখা যায় ।
নন্দলাল বোস নেশ্যনেল আৰ্ট গেলেৰী কলিকতাৰ সৌজন্যত প্ৰস্তুত কৰা প্ৰচ্ছদ অৰ্থব্যঞ্জক আৰু সুন্দৰ ।
প্ৰকাশক : জ্যোতি প্ৰকাশন
মূল্য : ৬০.০০ টকা (প্ৰথম প্ৰকাশ, ডিচেম্বৰ/২০০০)