পৱিত্ৰ কোৰ-আন         বৰ্ণনা লেখক :দিপক দাস
হজৰত মহম্মদ ইছলাম ধৰ্মৰ প্ৰৱৰ্তক আৰু ইছলাম ধৰ্মালম্বী সকলক মুছলমান বোলে । মুছলমানসকল একেশ্বৰবাদী আৰু 'আল্লা'ৰ উপাসক । সৃষ্টিকৰ্তাৰ আৰবী নাম আল্লাহু । মুছলমানসকলে বিশ্বাস কৰে যে কোৰ-আন আল্লাৰ বাণী । ফৰিস্তা জিব্ৰাইলৰ জৰিয়তে আল্লাই এই বাণীসমূহ শেষ নবী বা ৰছুল হজৰত মহম্মদলৈ পঠিয়াইছিল মানৱ সমাজৰ বাবে । ফৰিস্তা বা ফেৰেচতা মানে দেৱদূত আৰু নবী বা ৰছুল মানে বাৰ্তাবাহক । এই দৈৱবাণীসমূহ হজৰত মহম্মদে তেওঁৰ সংগীসকলক কৈছিল । সংগী আৰু অনুগামী সকলে প্ৰথম অৱস্থাত এই দৈৱবাণীসমূহ মুখস্থ ৰাখিছিল আৰু মুখে মুখে চৰ্চা কৰিছিল । কোৰ-আন মুখস্থকাৰী সকলক হাফিজ বোলা হয় । তৃতীয় খলিফা ওচমানে প্ৰথমতে আনূষ্ঠানিকভাবে লিপিবদ্ধ কোৰ-আন সংকলন কৰে । আৰৱী ভাষাত লিখা মূল কোৰ-আন ১১৪ টা ছূৰাত বিভক্ত আৰু প্ৰতিটো ছূৰা কিছুমান আয়াতৰ সমষ্টি । ছূৰা মানে আধ্যায় আৰু আয়াত মানে বাক্য বা শ্লোক । মুঠ আয়াতৰ সংখ্যা ৬২৩৬ । কিছুমানে ৬৬৬৬ বুলিও বিশ্বাস কৰে । সাতটা আয়াত থকা প্ৰথম ছূৰা আল-ফাতিহা কোৰ-আন পাঠৰ আৰম্ভণিৰ এক প্ৰাৰ্থনা ।
"পৱিত্ৰ কোৰ-আন" গ্ৰন্থখন হৈছে "The Holy Qur'an"ৰ অসমীয়া অনুবাদ , অনুবাদক - বাহাদুৰ আতাউৰ ৰহমান খান। ইছলামৰ আহমদীয়া নৱজাগৰণৰ মূৰব্বী হজৰত মিৰ্জা তাহিৰ আহমেদৰ সৌজন্যত ইংলেণ্ডৰ ইছলাম ইন্টাৰনেছনেল পাব্লিকেচন লিমিটেডৰ দ্বাৰা প্ৰকাশিত । প্ৰথম প্ৰকাশ ১৯৮৯ চনত । মুঠ পৃষ্ঠা ১০৩২ আৰু দাম ৩০০ টকা মাত্ৰ ।