বিপ্লৱ 1857         বৰ্ণনা লেখক :দিপক দাস
প্ৰথম স্বাধীনতা যুদ্ধ চিপাহী বিদ্ৰোহৰ বিষয়ে গ্ৰন্থখন । চিপাহী বিদ্ৰোহৰ কাল ১০ মে ১৮৫৭ ৰ পৰা ১ নভেম্বৰ ১৮৫৮ লৈ । সেই সময়ছোৱাত ভাৰতবৰ্ষ বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত আছিল আৰু চাৰ্লছ জন কেনিং গৱৰ্ণৰ জেনেৰেল অৱ ইণ্ডিয়া আছিল । মোগল সম্ৰাট বাহাদুৰ শ্বাহ জফৰ(১৭৭৫-১৮৬২) বৃটিছৰ পেঞ্চনভোগী আশ্ৰিত ৰূপে নামতহে সম্ৰাট আছিল । বৃটিছৰ শোষণ আৰু কূটনীতিত অতীষ্ঠ ভাৰতবাসীৰ মাজত অসন্তোষৰ জুই উমি উমি জ্বলি আছিল । মাৰ্চ ১৮৫৭ ত পশ্চিম বংগৰ বেৰেকপূৰত ভাৰতীয় চিপাহী মঙ্গল পাণ্ডেই বৃটিছ বিষয়াক অমান্য কৰি আক্ৰমণ কৰে আৰু এই অপৰাধত বৃটিছে পিছত মঙ্গল পাণ্ডেক ফাচী দিয়ে । বৃটিছে চিপাহীসকলৰ মাজত এনফিল্ড ৰাইফল প্ৰৱৰ্তন কৰাটো তাৎক্ষণিক কাৰণ । এনফিল্ড ৰাইফলৰ গুলীৰ টোটা মুখেৰে কামুৰি লোড কৰিব লাগিছিল । তাত গৰু আৰু গাহৰীৰ চৰ্বি থকা বুলি ভাৰতীয় চিপাহীবোৰৰ মাজত জনৰৱ উঠে । ভাৰতীয় হিন্দু আৰু মুছলমান উভয় ধৰ্মৰ চিপাহী জাঙুৰ উঠি বিদ্ৰোহ আৰম্ভ কৰে । ১০ মে ১৮৫৭ চনত উত্তৰ প্ৰদেশৰ মীৰাট চহৰত প্ৰথম বিদ্ৰোহ আৰম্ভ হয় আৰু দিল্লী, কানপুৰ আদিলৈ বিয়পি পৰে । কিছু বৃটিছ বিষয়া আৰু পৰিয়ালৰ লোকক বিদ্ৰোহীসকলে বধ কৰে, দিল্লী অধিকাৰ কৰি মোগল সম্ৰাট বাহাদুৰ শ্বাহ জফৰক দেশৰ স্বতন্ত্ৰ সম্ৰাট ঘোষণা কৰে । বিদ্ৰোহ প্ৰায় দুবছৰ চলিছিল । শেষত বৃটিছ সকলে বিদ্ৰোহ দমন কৰে । বাহাদুৰ শ্বাহ জফৰক বৃটিছ সকলে আটক কৰি ব্ৰক্ষ্মদেশলৈ নিৰ্বাসন দিয়ে আৰু পিচত ৰেঙ্গুনত তেওঁৰ মৃত্যু হয় । মোগল সাম্ৰাজ্যৰ পতন হয় আৰু ভাৰতবৰ্ষ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনৰ পৰা বৃটিছৰ পোনপটীয়া শাষণৰ অধীনলৈ যায় ।
গ্ৰন্থখন সম্পাদনা কৰা পি ছি যোশী ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ পাধাৰণ সম্পাদক আছিল । অসমীয়ালৈ অনুবাদ কৰিছে ৰূপশ্ৰী গোস্বামীয়ে । প্ৰকাশক নেশ্যনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া । প্ৰথম প্ৰকাশ ২০০৮ চনত । মুঠ পৃষ্ঠা ৩৪৫ আৰু দাম ১১০ টকা মাত্ৰ ।