বিষ্ণু শৰ্মাৰ পঞ্চতন্ত্ৰ         বৰ্ণনা লেখক :দিপক দাস
পঞ্চতন্ত্ৰ পাঁচটা আখ্যানৰ সমষ্টি । আখ্যানমতে প্ৰাচীন কালত বিষ্ণু শৰ্মা নামৰ এজন পণ্ডিতে অমৰশক্তি নামৰ এজন ৰজাৰ চাৰিজন পুত্ৰক ৰাজনীতিৰ শিক্ষা দিয়াৰ উদ্দেশ্যে পঞ্চতন্ত্ৰৰ আখ্যানসমূহ ৰচনা কৰে । দীঘলীয়া কথোপকথন, পৰস্পৰ বিৰুদ্ধ মত, অৰ্থশাস্ত্ৰ, নীতি শাস্ত্ৰ আদিৰ উদ্ধৃতিৰ জৰিয়তে নীতি শিক্ষা দিয়া হৈছে । জীৱ জন্তু, চৰাই চিৰিকতি আদি চৰিত্ৰ সাধুবোৰৰ অন্যতম উপাদান । গ্ৰন্থখনত পাঁচটা আখ্যানত মুঠ চাৰিকুৰি সাধু আছে । পঞ্চতন্ত্ৰৰ মূল লিখক, ৰচনাকাল, ভাষা আদি সঠিককৈ জনা নেযায় । প্ৰাচীন কালৰে পৰা পহ্লৱী, সংস্কৃত আদি ভাষাত প্ৰচলিত হৈ আহিছে । অনুবাদক প্ৰভাত চন্দ্ৰ শৰ্মা আৰু প্ৰকাশক অসম প্ৰকাশন পৰিষদ । অসমীয়াত প্ৰথম প্ৰকাশ ১৯৬৬ চনত । ২০১২ চনৰ সপ্তম সংস্কৰণৰ মুঠ পৃষ্ঠা ২৯৭ আৰু দাম ১৩০ টকা মাত্ৰ