ব্যৱহাৰিক অসমীয়া অভিধান         বৰ্ণনা লেখক :দিপক দাস
ব্যৱহাৰিক অসমীয়া অভিধান অসমীয়া ভাষাৰ এখন পূৰ্ণাঙ্গ অভিধান । অসমীয়া শব্দবোৰৰ অসমীয়া আৰু ইংৰাজী অৰ্থ আছে । আৰম্ভণিতে অভিধান সম্বন্ধে জানিবলগীয়া বহুমূল্যৱান তথ্য আছে । অসমীয়া ভাষালৈ নতুনকৈ সংক্ৰমণ হোৱা জনগোষ্ঠীয় ভাষাৰ শব্দ তথা বিদেশী শব্দ অন্তৰ্ভুক্ত কৰা হৈছে । উদ্ভিদ আৰু প্ৰাণীবিদ্যাৰ বৈজ্ঞানিক নাম, অৰ্থ নিৰূপণত শব্দগোটৰ বৰ্ণনা, একে অৰ্থবাচক অন্য শব্দৰ সমৰূপক অৰ্থ নিৰ্দেশ, স্থান বিশেষে উদাহৰণ, চিত্ৰ, বাখ্যা আদি আছে । পৰিশিষ্টত অসমীয়া পৌৰাণিক শব্দকোষ, পৌৰাণিক অস্ত্ৰ-শস্ত্ৰ, ৰাগ ৰাগিনী, দেৱ-দেৱীৰ নাম আৰু বাহন, বিপৰীতাৰ্থক শব্দ, ভুল-শুদ্ধ, আদি সংযোজিত কৰা হৈছে ।
সম্পাদক ডক্টৰ বসন্তকুমাৰ গোস্বামী অসম সাহিত্য সভাৰ দুটাকৈ কাৰ্যকালৰ প্ৰধান সম্পাদক আছিল আৰু তেখেতৰ কাৰ্যকালত বিশ্বকোষ প্ৰণয়নৰ কাম আৰম্ভ হৈছিল ।
এই ব্যৱহাৰিক অসমীয়া অভিধান খনৰ প্ৰথম প্ৰকাশ ২০১৩ চনত আৰু প্ৰকাশক এছ এইচ শৈক্ষিক ন্যাস । ২০১৪ চনৰ দ্বিতীয় সংস্কৰণৰ মুঠ পৃষ্ঠা ১৫৪৪ আৰু মূল্য ৮০০ টকা।