মান্দালয়         বৰ্ণনা লেখক :প্ৰণৱ কুমাৰ বৰা
আজিৰ পৰা কেইবছৰমান আগৰ কথা । অসমত বনবিভাগে জব্দ কৰা বা উদ্ধাৰ কৰা এশিঙীয়া গঁড়ৰ খড়্গবোৰৰ পৰীক্ষা কৰা আৰু হিচাপ লোৱা হৈছিল । এইবিষয়ে অসমৰ বাতৰি কাকত আৰু টেলিভিছনত বৰ বৰ বাতৰি প্ৰকাশ হৈছিল আৰু প্ৰশ্ন উত্থাপন কৰা হৈছিল যে বনবিভাগে জব্দ কৰা বহু খড়্গ ভূৱা বা নকল। লিখক তালুকদাৰ দেৱো এনেবোৰ হিচাপ পৰীক্ষাৰ লগত জড়িত হোৱাৰ সুযোগ পাইছিল । তেখেতে টেলিভিছনত এই লৈ টক শ্ব’ পাতিছিল । এনেবোৰ বাতৰি পঢ়াৰ পিছত আৰু শ্ব’ চোৱাৰ পিছত স্বাভাৱিকতে আগ্ৰহ জন্মিছিল যে অসমত যে বছৰি এই গঁড়বোৰ মাৰি থকা হয়, ইয়াৰ খড়্গ বোৰ ক’লৈ যায়, কিদৰে যায় আৰু কি কৰেনো ? ইণ্টাৰনেটত বহু বিচাৰিছিলো যদিও সৰু সুৰা দুই এটা প্ৰবন্ধৰ বাহিৰে একো পোৱা নাছিলোঁ । কৰ্মজীৱনৰ ব্যস্ততাৰ মাজত এইবোৰ সকলো পাহৰিয়ে গৈছিলোঁ । কিন্তু মান্দালয় কিতাপখনে মোক যেন স্বৰ্গৰ অমৃত হাততে তুলিহে দিলে । যি তথ্যৰ বাবে ইমান দিন হাবাথুৰি খাইছিলোঁ সেয়া হাততে পালোঁ ।
লিখকৰ নিজৰ ভাষাৰেই- “সাংবাদিকতাৰ দায়িত্বই বাৰে বাৰে গঁড়ৰ কাষ চপাই আনিছিল। কেতিয়াবা হাতীৰ পিঠিত উঠি গঁড় গন্তি কৰিছোঁ যদি কেতিয়াবা কোষাগাৰত থকা গঁড়ৰ খড়্গবোৰ উলিয়াই আনি গন্তি কৰাৰ সুবিধাও পাইছোঁ। আন বহুতৰ দৰে গঁড়ৰ খড়্গৰ বজাৰখনক লৈ সদায়েই থাকি গৈছিল বহু প্ৰশ্ন। তাৰেই উত্তৰ বিচাৰি দক্ষিণ পূৱ এছিয়াৰ প্ৰায়বোৰ দেশেই ঘূৰিলো। চীন, বাৰ্মা, কম্বোডিয়া, মালয়েছিয়া, ছিংগাপুৰ, ইণ্ডোনেছিয়া একো বাকী ৰখা নহ’ল। কিছু প্ৰশ্নৰ উত্তৰ পালোঁ, কিছুৰ নাপালোঁ।”
মান্দালয় কিতাপখনত লিখকে গঁড়ৰ খড়্গৰ বজাৰ খনৰ বিষয়ে দক্ষিণ পূব এছিয়া ভ্ৰমণ কৰোতে পোৱা অভিজ্ঞতা বোৰৰ মনোৰম কিন্তু তথ্য সমৃদ্ধ বৰ্ণনা কৰিছে। ২৭৮ পৃষ্ঠাজোৰা কিতাপখনত আপুনি ক’তো নিৰশ অনুভৱ নকৰে। ইয়াত পাব লিখকৰ বেংককৰ পৰা গুৱাহাটীলৈ কৰা Indo Asean Car Rally ৰ ৰোমাঞ্চকৰ বৰ্ণনা। লগতে আছে কাজিৰঙাত গঁড় কিদৰে গণনা কৰা হয় তাৰ চাক্ষুস বৰ্ণনা। কিতাপখনত সমগ্র বিশ্বৰ গঁড়ৰ চোৰাং চিকাৰৰ চমু তথ্য দাঙি ধৰা হৈছে যদিও অসমৰ এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰ আৰু জখলাবন্ধা- ডিমাপুৰ-মণিপুৰ-ম্যানমাৰ হৈ ভিয়েটনাম তথা চীনলৈ বিয়পি থকা গঁড়ৰ খড়্গৰ চোৰাং বজাৰখনৰ বিষয়ে আলোচনা কৰা হৈছে। মুঠতে অসমৰ গঁড়ক ভাল পোৱা আৰু গঁড় হত্যাৰ কাৰণবোৰ জানিবলৈ আগ্ৰহ থকা প্ৰতিজন ব্যক্তিৰ বাবে মান্দালয় এখন জীঁয়া দলিল।