মৌতম         বৰ্ণনা লেখক :প্ৰণৱ কুমাৰ বৰা
কিতাপখনৰ বিষয়ে কিতাপখনৰ পিছফালৰ বেটুপাতত প্ৰকাশিত দুশাৰীমান বাক্যকে ইয়াত উদ্ধৃতি কৰি দিওঁ – “উত্তৰ-পূব।সাতখন ৰাজ্য। চৰকাৰী হিচাব মতে আঠখন। চৰকাৰী ভাষা, সংবাদ মাধ্যম আৰু আলোচনা চক্ৰৰ বাহিৰে কতো ব্যৱহাৰ নহয় উত্তৰ-পূব শব্দ দুটা। সেয়াই উত্তৰ-পূবৰ বৈচিত্ৰ্য।
প্ৰতিটো পৰ্বতমালাৰে আছে নিজস্ব কাহিনী। দৰাচলতে আমি কিমান জানো উত্তৰ-পূবৰ কথা। আৰু তাতে যদি উগ্ৰপন্থীসকলৰ কথাৰে উত্তৰ-পূবক জানিব বিচাৰো! তাকেই চেষ্টা কৰিছে মৃণাল তালুকদাৰে যোৱা বিশ বছৰে উত্তৰ-পূবৰ নানা প্ৰান্তত ঘূৰি ফুৰি।সাংবাদিক মৃণাল তালুকদাৰ নিজেই এক নিমিলা অংক।সাংবাদিক নে খেতিয়ক? প্ৰকাশক নে পৰিব্ৰাজক? গৱেষক নে ছবি নিৰ্মাতা? তেঁও কিন্তু লেখক চাগে নহয়। “মৌতম” তালুকদাৰৰ টোকাবহীহে।”