মৰুৱা ফুল         বৰ্ণনা লেখক :গৌতম বৰা
আমি অসমীয়া মাধ্যমত পঢ়া সকলোৱে সৰুতে সুৰ লগাই চিঞৰি চিঞৰি পদ্য মাতিছিলোঁ -
মুৰ্খ পুত্ৰ হয় যদা এশ বা হাজাৰ,
সিহঁতৰ পৰা নাই একো উপকাৰ ৷
* * * * *
সুখ নাই সুখ নাই ক'তো ধৰুৱাৰ,
অনুমাত্ৰ সুখ নাই চিৰৰুগীয়াৰ ৷
* * * * *
মেলিলোঁ প্ৰথম চকু
তোমাৰ কোলাতে আই
* * * * *
মই গান্ধীৰ দৰে হ'ম
সদায় সত্য পথত ৰ'ম,
* * * * *
হয়তো নহ'ব পাৰে মোৰ আই সবাতো শুৱনি
তথাপি আপোন মোৰ আই,
* * * * *
এক আছিল বুঢ়া-বুঢ়ী
নাছিল সিহঁতৰ ল'ৰা-লুৰী
. . . . সৰুতেই পঢ়া এই পদ্যবোৰ আমাৰ মন মগজুত তেতিয়াই এনেকৈ সোমাই গৈছিল যে, আজি ২০/২৫বছৰ পিছতো আমাৰ মনৰ পৰা পদ্যবোৰ হেৰাই যোৱা নাই। শিশুৰ মানসিক জগতখনত প্ৰভাৱ পেলাব পৰা এই পদ্যসমূহৰ আবেদন সাৰ্বজনীন। সেয়েহে আজিও বা আজিৰ পৰা ৫০/১০০ বছৰ পিছতো এই পদ্যসমূহে পাঠকৰ মন আকৰ্ষিত কৰি থাকিব বুলি ক'ব পাৰি ।
নৱকান্ত বৰুৱাই সম্পাদনা কৰা আৰু অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা 'মৰুৱা ফুল'ত শৈশৱত পঢ়া সেই আটাইবোৰ পদ্য সন্নিৱিষ্ট কৰি এঠাইতে থুপাই থোৱা হৈছে। মুঠ ১৯৫ টা পদ্য সন্নিবিষ্ট সংকলনখনত আমাৰ শৈশৱৰ প্ৰিয় নলিনীবালা দেৱী, মিত্ৰদেৱ মহন্ত, বলদেৱ মহন্ত, মহম্মদ চোলেইমান খাঁ, ধনাই বৰা, ৰঘুনাথ চৌধুৰী, নবকান্ত বৰুৱা, নিৰ্মলপ্ৰভা বৰদলৈ, বিষয় চন্দ্ৰ বিশ্বাসী আদি অনেক চিনাকি কবিৰ পদ্য আছে।