লক্ষ্মীনাথ বেজবৰুৱা গল্প সমগ্ৰ         বৰ্ণনা লেখক :দিপক দাস
সাহিত্যৰথী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ গল্প সমগ্ৰ । ১৯০৯ চনত প্ৰথম প্ৰকাশ হোৱা গল্প সংকলন সুৰভি, ১৯১০ চনত প্ৰকাশ হোৱা গল্পৰ সংকলন সাধু কথাৰ কুকি, ১৯১৩ চনত প্ৰকাশ হোৱা গল্প সংকলন জোনবিৰিৰ ওপৰিও আলোচনী আৰু কাকতত থকা গল্পসমূহ সন্নিৱিষ্ট কৰা হৈছে । সুৰভিত ১২ টা, সাধু কথাৰ কুকিত ২৬ টা, জোনবিৰিত ১৬ টা, আলোচনী কাকত আদিত সিঁচৰতি হৈ থকা ১৫ টাৰে মুঠ ৬৯ টা গল্প আছে । গ্ৰন্থখন সংকলন আৰু সম্পাদনা কৰিছে হৃদয়ানন্দ গগৈয়ে । প্ৰকাশক গুৱাহাটীৰ জ্যোতি প্ৰকাশন আৰু প্ৰথম প্ৰকাশ ২০০১ চনত । ২০১৮ চনৰ চতুৰ্থ প্ৰকাশনৰ মুঠ পৃষ্ঠা ৩৪৬ আৰু দাম ২০০ টকা ।