লিংগভিত্তিক সমস্যা আৰু শিক্ষাত উদ্বেগ         বৰ্ণনা লেখক :গৌতম বৰা
আমাৰ সমাজত লিংগভিত্তিক বৈষম্য কম পৰিমানে হ'লেও বিৰাজমান। হয়তো কেতিয়াবা অজানিতেও আমি লিংগ বৈষম্যমূলক কাম কাজ কৰোঁ। এতিয়াও কিছুসংখ্যক পিতৃ মাতৃয়ে ছোৱালীতকৈ ল'ৰাক গুৰুত্ব বেছি দিয়া দেখিবলৈ পোৱা যায়। ভালৰ ভাল খোৱা বস্তু এটা ল'ৰাটোলৈ সাঁচি থোৱা, ঘৰুৱা কাম কাজ কৰাৰ ক্ষেত্ৰত ল'ৰাটোক সৰুৰে পৰাই ৰেহাই দিয়া, ছোৱালী সন্তানতকৈ ল'ৰা সন্তান পাবলৈ হাবিয়াস বেছি কৰা আদি কাৰ্যৰ মাজেৰে লিংগ বৈষম্যমূলক মনোভাৱ ফুটি উঠে। ৷ আমাৰ সমাজত এতিয়াও ল'ৰা সন্তান প্ৰাপ্তি সৌভাগ্যৰ কথা বুলি এচামে ভাবে ৷ অসমৰ দৰে ৰাজ্যত নাথাকিলেও ভাৰতৰ কিছু কিছু ঠাইত এতিয়াও কণ্যা সন্তান জন্মৰ পূৰ্বেই হত্যা কৰাৰ নিদৰ্শন পৰিলক্ষিত হয়। আমাৰ সমাজত এতিয়াও পৈতৃক সম্পত্তিৰ অধিকাৰী পুত্ৰ সন্তানকেই কৰা হয়। এনেধৰণৰ বৈষম্যমূলক মনোভাৱে আমাৰ সমাজখনক ক্ষতিগ্ৰস্ত কৰি আহিছে বুলি ক'ব পাৰি।
লেখকে কিতাপখনৰ সূচীপত্ৰক চাৰিভাগত ভগাই তুলিছে - লিংগভিত্তিক অধ্যয়নৰ ধাৰণা, বিদ্যালয়ত লিংগ অসমানতা, লিংগ অসমানতা দূৰ কৰাৰ মাধ্যম হিচাপে শিক্ষা, আৰু সাংবিধানিক সুবিধা শিক্ষা আৰু মহিলা সবলীকৰণ। চাৰিওটা বিভাজনৰ সহায়ত লেখকে লিংগ অসমানতা বা বৈষম্য কি, এনে বৈষম্যৰ কাৰণ, কিদৰে এই বৈষম্য দূৰ কৰাত পৰিয়াল, সমাজ, শিক্ষক, পাঠ্যপুথি, গণমাধ্যম আদিয়ে কি ভূমিকা গ্ৰহণ কৰিব আদি সকলো কথা পুংখানুপুংখভাৱে আলোচনা কৰিছে।
বিষয়বস্তুৰ গুৰুত্বলৈ চাই কিতাপখন যে পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীৰ সমান্তৰালভাৱে শিক্ষক, পিতৃ মাতৃ সকলোৱে অধ্যয়ন কৰাৰ প্ৰয়োজনীয়তা আছে, সেই কথা নুই কৰিব নোৱাৰি। শেষত ক'ব পাৰি, লিংগ বৈষম্য থকা এনে এখন সমাজত এনেধৰণৰ কিতাপৰ প্ৰাসংগিকতা যথেষ্ট আছে।
প্ৰকাশক - এ∶বি∶ ইডুকেশ্যনেল পাব্লিছিং ,প্ৰথম প্ৰকাশ - ২০১৮