লিখা আৰু পঢ়াৰ কথা         বৰ্ণনা লেখক :দিপক দাস
ছাত্ৰ-ছাত্ৰী, পৰীক্ষাৰ্থী আৰু অভিভাৱকে পঢ়িবলীয়া এখন ব্যতিক্ৰমী গ্ৰন্থ । কিছুমান বিশিষ্ট লিখকৰ মূল্যৱান প্ৰৱন্ধৰ সমষ্টি । গ্ৰন্থৰ বিৱৰ্তন, মানৱ সভ্যতাৰ বিকাশত গ্ৰন্থৰ অৱদান, গ্ৰন্থাগাৰৰ প্ৰয়োজনীয়তা, গ্ৰন্থৰ শক্তি, গ্ৰন্থৰ ভৱিষ্যত আদিৰ লগতে লেখকে কিয় লিখে, পাঠকে কিয় পঢ়ে, লেখাৰ নিয়ম প্ৰক্ৰিয়া, গ্ৰন্থৰ লগত জড়িত বিভিন্ন অনুষ্ঠান, পুথিভঁৰাল আদি বিষয় সন্নিৱিষ্ট কৰা হৈছে । পৰিশিষ্টত বিভিন্ন উৎসৰ পঢ়িবলগীয়া গ্ৰন্থৰ তালিকা দিয়া হৈছ । সংকলন আৰু সম্পাদনা কৰিছে বিনয় মোহন শইকীয়াই । প্ৰকাশক ভৱানী প্ৰিন্ট এণ্ড পাব্লিকেচন আৰু প্ৰথম প্ৰকাশ ২০১০ চনত । মুঠ পৃষ্ঠা ১২২ আৰু মূল্য ৮০ টকা মাত্ৰ ।