লেখিকাৰ গল্প         বৰ্ণনা লেখক :গৌতম বৰা
প্ৰীতি বৰুৱাই সম্পাদনা কৰা গ্ৰন্থখনত অলকা পটঙ্গীয়া, চন্দ্ৰপ্ৰভা শইকীয়ানী, স্নেহ দেৱী, প্ৰবীণা শইকীয়া, শুচিব্ৰতা ৰায়চৌধুৰী, অৰূপা পটঙ্গীয়া কলিতা, পূৰৱী বৰমুদৈ, নীলিমা বৰঠাকুৰকে আদি কৰি সৰ্বমুঠ ৩০ গৰাকী গল্পকাৰৰ ৩০ টা গল্প আছে । সংকলনখনৰ প্ৰতেকটো গল্পই ক'ত কেতিয়া প্ৰকাশ হৈছিল তথা বিষয়বস্তু সম্পৰ্কে তেনেই চমুকৈ উল্লেখ কৰিছে। সংকলনখনত নিৰুপমা বৰগোহাঞিৰ “এনথ্ৰপ'লজিৰ সপোনৰ পিছত” , মামনি ৰয়চম গোস্বামীৰ “সংস্কাৰ” আদিৰ দৰে বিখ্যাত গল্পও আছে।
প্ৰকাশক - অসম লেখিকা সন্থা
প্ৰথম প্ৰকাশ - ১৯৮৯ চন