শৰাইঘাট অভিধান         বৰ্ণনা লেখক :দিপক দাস
এইখন এখন ব্যৱহাৰিক অসমীয়া-ইংৰাজী অভিধান। অসমীয়া শব্দবোৰৰ অসমীয়া তথা ইংৰাজী অৰ্থ আছে । ভাষা ব্যৱহাৰকাৰী তথা শিকাৰুৰ সুবিধা হোৱাকৈ বহুতো শব্দৰ ব্যৱহাৰ বাক্যৰ উদাহৰণ দি বাখ্যা কৰা হৈছে । ব্যৱহাৰিক শব্দৰ অৰ্থবাহক অভিধান হিচাপে ভাষা ব্যৱহাৰকাৰীৰ দৃষ্টিকোণৰ পৰা প্ৰৱিষ্টি আৰু বাখ্যাসমূহ দাঙি ধৰাৰ চেষ্টা স্পষ্ট । মাজে মাজে ছবিৰ সহায়ত কিছুমান শব্দ বাখ্য কৰা হৈছে । সমাজৰ সৰ্বসাধাৰণ লোকে ব্যৱহাৰ কৰি থকা নানা দেশী-বিদেশী শব্দ আৰু আমাৰ চুবুৰীয়া জনজাতিৰ ভাষাৰ কিছু শব্দও অন্তৰ্ভুক্ত আছে । পৰিশিষ্টত বিস্তৃত ভাৱে প্ৰশাসনীয় পৰিভাষা, বিজ্ঞানৰ পৰিভাষা, যতি-চিহ্ন ৰ ব্যৱহাৰ, প্ৰূফ চাওঁতাৰ চিনবোৰ, অসমীয়া সংখ্যাবাচক আৰু পূৰণবাচক শব্দ, অসমীয়া সম্বন্ধবাচক শব্দ, পৰিচয়জ্ঞাপক তালিকা, নক্ষত্ৰ পুঞ্জসমূহৰ তালিকা, গ্ৰীক বৰ্ণমালা আৰু গাণিতিক চিহ্ন সমূহ, সংখ্যা, একক আৰু জোখ আদি সংযোজিত কৰা হৈছে ।
২০০০ চনত শৰাইঘাট অভিধান প্ৰকল্পৰ আৰম্ভণি কৰা হৈছিল । প্ৰথম পৰ্য্যায়ৰ মুখ্য সম্পাদক আছিল বিশিষ্ট সংস্কৃত পণ্ডিত ডক্টৰ বিশ্বনাৰায়ণ শাস্ত্ৰী আৰু সহযোগী সম্পাদকদ্বয় অভিযন্তা ভবেন কুমাৰ বৰা আৰু বিশিষ্ট পদাৰ্থবিদ তথা নাট্যকাৰ ডক্টৰ শ্যামাপ্ৰসাদ শৰ্মা । শাস্ত্ৰীদেৱ তথা বৰাদেৱ প্ৰকল্পৰ মাজতে স্বৰ্গগামী হোৱাত ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী দেৱে ২০০৯ চনত মূখ্য সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে । সম্পাদক মণ্ডলীৰ ভিতৰত ভাষা সাহিত্যৰ বিশিষ্ট ব্যক্তিৰ উপৰিও অভিযন্তা তথা বিজ্ঞানৰ বিভিন্ন শাখাৰ ব্যক্তি আছে । সমূহীয়া প্ৰচেষ্টাত ২০১১ চনত প্ৰথম প্ৰকাশ হয় । প্ৰকাশক গুৱাহাটীৰ শৰাইঘাট প্ৰকাশন । ২০১২ চনৰ তৃতীয় মুদ্ৰণৰ মুঠ পৃষ্ঠা ১২৪১ আৰু বেচ ৪০০ টকা মাত্ৰ ।