সম্প্ৰীতিৰ সাধক আজান ফকীৰ         বৰ্ণনা লেখক :দিপক দাস
ইছলাম ধৰ্ম প্ৰচাৰৰ বাবে আজান ফকীৰ সুদূৰ ইৰাকৰ পৰা সোতৰশ শতিকাৰ মাজভাগত অসমলৈ আহে । আজান ফকীৰক আজান পীৰ বুলিও জনা যায় । অসমীয়া ভাষা আয়ত্ত কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ ৰচনাসমূহৰ অধ্যয়ন কৰি সমাজত সমন্বয় গঢ়াত অৰিহণা যোগায় । জিকিৰ আৰু জাৰী গীতসমূহ অসমীয়া ভক্তিবাদী লোক সাহিত্যৰ মূল্যৱান সম্পদ । আজান ফকীৰ আৰু তেখেতৰ অনুগামী সকলে অসমীয়াত জিকিৰ গীত সমূহ ৰচনা কৰিছিল । জাৰী গীতসমূহৰ নিৰ্দিষ্ট ৰচক নাই । জাৰী গীতবোৰৰ বিষয়বস্তু হ'ল হাচান হুছেইন কেন্দ্ৰীক কাৰবালাৰ কৰুণ কাহিনী । ইছলাম ধৰ্ম প্ৰচাৰৰ মাধ্যমৰূপে আজান ফকীৰ আৰু তেখেতৰ অনুগামী সকলে জিকিৰ আৰু জাৰী গীতবোৰ গাৱে ভূঞে গাই ফুৰিছিল । লিপিবদ্ধ হোৱাৰ আগলৈকে জিকিৰ আৰু জাৰী গীতসমূহ অসমৰ মুছলমান সম্প্ৰদায়ৰ মাজত মুখে মুখে চৰ্চিত হৈ আছিল ।
এই গ্ৰন্থখন পঢ়িলে আজান ফকীৰৰ জীৱন,কৰ্ম আৰু দৰ্শনৰ বিষয়ে সম্যক ধাৰণা আহৰণ কৰিব পাৰি । মঃ আবিদুদ্দিন আহমেদে লিখা গ্ৰন্থখনৰ প্ৰকাশক অসম প্ৰকাশন পৰিষদ । প্ৰথম প্ৰকাশ ২০১০ চনত আৰু ৪৯ পৃষ্ঠাৰ এই গ্ৰন্থখনৰ মূল্য ৪০ টকা মাত্ৰ ।