সাহিত্যৰত্ন এশ একুৰি সাহিত্যকৰ জীৱনী         বৰ্ণনা লেখক :দিপক দাস
এই কিতাপখনত অতীতৰ পৰা বৰ্তমানলৈ অসমীয়া ভাষা সাহিত্যৰ ভেটি নিৰ্মাণ কৰা এশ একুৰি অসমীয়া সাহিত্য সাধকৰ চমু জীৱন পৰিচিতি সন্নিবিষ্ট কৰা হৈছে । খৃষ্টিয়ান মিছনেৰী সাহিত্যিক ৰেভাৰেণ্ড নাথান ব্ৰাউন, ডঃ মাইলছ ব্ৰনছন, নিধিলেভী ফাৰৱেল আদিকে ধৰি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্য, সত্যনাথ বৰা, লক্ষ্মীনাথ বেজবৰুৱা, মফিজুদ্দিন আহমদ হাজৰিকা, চন্দ্ৰ কুমাৰ আগৰৱালা, সূৰ্যকুমাৰ ভূঞা, ৰঘূনাথ চৌধুৰী, নলিনীবালা দেৱী, ৰত্নকান্ত বৰকাকতী, বিনন্দ চন্দ্ৰ বৰুৱা, নিলমণি ফুকন, বীৰেন্দ্ৰনাথ ভট্টাচাৰ্য, ভবেন্দ্ৰনাথ শইকীয়া, ৰংবং টেৰাং আদিৰ চমু জীৱন পৰিচিতি ইয়াত আছে । লিখক সাহিত্যিক পেঞ্চনাৰ উমেশ চেতিয়া একেধাৰে শিক্ষক, সাহিত্যিক, সাংবাদিক আৰু গৱেষক আৰু ধেমাজি বালিকা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ । প্ৰথম প্ৰকাশ ২০০৫ চনত আৰু প্ৰকাশক ধেমাজিৰ কিৰণ প্ৰকাশন । ২০১৬ চনৰ চতুৰ্থ প্ৰকাশনৰ খনৰ পৃষ্ঠা সংখ্যা ৩৫৮ আৰু দাম ২৮০ টকা মাত্ৰ ।