সাৰথি         বৰ্ণনা লেখক :গৌতম বৰা
শতবৰ্ষ গৰকা 'সাৰথি'ৰ প্ৰয়োজনীয়তা আজিও অপৰিসীম। বিষয়বস্তুৰ ফালৰ পৰা জীৱনৰ বাটত আগুৱাই যাবলৈ যুৱ প্ৰজন্মৰ হাতপুথি স্বৰূপ এই গ্ৰন্থখনত নাই কি! জীৱনৰ বাটত প্ৰয়োজন হোৱা প্ৰায় প্ৰত্যেকটো বিষয়েই লেখক সত্যনাথ বৰাই সামৰি লৈছে।
গ্ৰন্থখনৰ সূচীপত্ৰক ( লেখকে 'নিৰ্ঘণ্ট' বুলিছে ) চাৰিটা ভাগত ভাগ কৰিছে। প্ৰথম ভাগত মুঠ ৮টা প্ৰবন্ধ আছে। বিষয়সমূহ মনুষ্য জীৱনৰ লক্ষ্য, বিদ্যা, পুথি অধ্যয়ন, বৰ লোকৰ চৰিত্ৰ অধ্যয়ন বস্তু বিজ্ঞান অধ্যয়ন, বিশ্ব অধ্যয়ন, দেশ ভ্ৰমণ আৰু চিন্তা।
সূচীপত্ৰখন চালেই আমি কিতাপখনৰ প্ৰয়োজনীয়তা সম্পৰ্কে ধাৰণা কৰিব পাৰোঁ। জীৱনৰ বাটত আগুৱাই যাবলৈ যি প্ৰয়োজনীয় জ্ঞান আমাক লাগে, সেই জ্ঞান আমি "সাৰথি"ৰ পাতে পাতে পাওঁ। বিগত এটা শতিকাত পৃথিৱীলৈ অসংখ্য পৰিবৰ্তন আহিছে যদিও সত্যনাথ বৰাৰ এই কালজয়ী গ্ৰন্থখনৰ প্ৰয়োজনীয়তা আজিও একেই হৈ ৰ'ল ৷