হেমকোষ স্মৰণ         বৰ্ণনা লেখক :দিপক দাস
"হেমকোষ"ৰ এশ বছৰ পূৰ্তি উপলক্ষে অসম সাহিত্য সভাৰ উদ্যোগত "হেমকোষ স্মৰণ" গ্ৰন্থখন প্ৰকাশ কৰা হয় । অভিধান প্ৰণয়ন, ভাষা বিজ্ঞান আদি বিষয়ৰ বিখ্যাত ভাষাবিদ, লিখক আদিয়ে লিখা ষোল্লটা প্ৰৱন্ধ আছে । প্ৰকাশক আৰু প্ৰধান সম্পাদক ডক্টৰ বসন্তকুমাৰ গোস্বামী । প্ৰথম প্ৰকাশ ২০০০ চনত । পৰিশিষ্টত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱে লিখা "হেমকোষ ৰচোঁতা হেমচন্দ্ৰ বৰুৱাৰ আঁতিগুৰি" , দেৱানন্দ বৰুৱাই লিখা "হেমচন্দ্ৰ বৰুৱাৰ বংশ পৰিয়াল" আদি মূল্যৱান তথ্য আছে । মূঠ পৃষ্ঠা ১৯০ আৰু দাম ৭৫ টকা মাত্ৰ ।