হেমকোষ         বৰ্ণনা লেখক :দিপক দাস
হেমকোষ দ্বিভাষিক অসমীয়া ইংৰাজী অভিধান| অসমীয়া ভাষাৰ শব্দ বিলাকৰ মূল আৰু ভাবুকি খণ্ডবাক্যৰে সৈতে অসমীয়া-ইংৰাজী দুয়ো ভাষাৰ অৰ্থ আছে । পৰিশিষ্টত ছবিসহ বিভিন্ন খেলৰ খেলপথাৰৰ আকাৰ, অসমৰ স্থানীয় লোকৰ গহনা আৰু অলংকাৰৰ নাম আৰু ছবি, বাদ্যযন্ত্ৰ,মাছ ধৰা সজুলি, কাঁহ পিতলৰ বাচন, সাজপাৰ, বিবিধ থলুৱা চৰাই, বাঁহ বেতৰ সামগ্ৰী, বিভিন্ন দেশৰ পতাকা আদিৰ ৰঙীন ছবি আছে ।
হেমকোষ ১৯০০ চনত প্ৰথম প্ৰকাশ হয় । ১৯৪৯ চনত হোৱা দ্বিতীয় আৰু ১৯৫৫ চনত হোৱা তৃতীয় তাঙ্গৰণৰ সম্পাদক আৰু প্ৰকাশক আছিল আনন্দৰাম বৰুৱা । ১৯৬৫ চনত হোৱা চতুৰ্থ আৰু পৰৱৰ্তী তাঙ্গৰণবোৰৰ সম্পাদক আৰু প্ৰকাশক হেমকোষ প্ৰকাশনৰ দেৱানন্দ বৰুৱা । পিছৰ তাঙ্গৰণবোৰত প্ৰশাসনীয় তথা বৈজ্ঞানিক পৰিভাষা আদিকে ধৰি বহু নতুন শব্দ সংযোজন কৰা হৈছে ।