১৯৬২         বৰ্ণনা লেখক :প্ৰণৱ কুমাৰ বৰা , দিপক দাস
ভাৰত-চীন যুদ্ধৰ প্ৰকৃত কাৰণ, ভাৰতৰ ৰাজনীতিবিদৰ চীনক প্ৰৰোচিত কৰা কাৰ্য আৰু ভাৰতে স্বাধীনতা লাভৰ পৰা চীনৰ লগত কৰি অহা যুজঁক লৈ মৃণাল তালুকদাৰৰ সৃষ্টি ১৯৬২ । ২০১৭ চনত প্ৰকাশ হয় । প্ৰকাশক বনলতা আৰু দাম ৪০০ টকা । যুদ্ধত অংশ গ্ৰহণ কৰা আৰু যুদ্ধক্ষেত্ৰত থকা লোকৰ সাক্ষাৎকাৰ আছে ।
কিতাপখনৰ বিষয়ে কেইজনমান বিশিষ্ট ব্যক্তিৰ অভিমত –
"খুব কম কথাই জনা যায় এই যুদ্ধখনৰ বিষয়ে। সঁচাকৈয়ে অপূৰ্ব এই ৰচনা- ব্ৰিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰ।"
"যোৱা ৫০ বছৰে লুকাই আছিল এই সত্যবোৰ। অৱশেষত ১৯৬২ -এ বাহিৰ কৰিলে আচল সত্য- ড৹ অনিমা গুহ।"
"ভূগোল, বুৰঞ্জী আৰু ভ্ৰমণৰ এক দু:সাহসিক সংমিশ্ৰণ। অতি সাহসী আৰু সাৱলীল বৰ্ণনা- অখিল গগৈ।"