অনুৰাধাৰ দেশ         বৰ্ণনা লেখক :হীৰামনি দাস
চৌধুৰীদেৱে এই কিতাপখন ভ্ৰমণ কাহিনীৰূপেহে প্ৰান্তিক আলোচনীত লিখিছিল কিন্তু সকলোৰে সহযোগীতাত পিছলৈ ভ্ৰমণ কাহিনীবোৰ এখন উপন্যাসলৈ ৰূপান্তৰিত কৰে । এইখিনি কথা তেওঁ চতুৰ্থ সংস্কৰণত সুযোজন কৰে ।
উপন্যাস খনৰ নায়ক অৰুনাভে প্ৰথমে তৈল কোম্পানী এটাত চাকৰী কৰিছিল । তেওঁক উৰিষ্যাত বংগোপসাগৰৰ সমুদ্ৰ গৰ্ভত আয়োজন কৰা তৈল অনুসন্ধানৰ নতুন প্ৰকল্পলৈ বদলি কৰা হৈছিল । তাতেই অৰুণাভে কেতিয়াও লগ নাপাম বুলি ভবা কলেজীয়া জীৱনৰ ভাল বান্ধৱী অনুৰাধা সাহাক লগ পায় । উপন্যাসখনৰ মূল চৰিত্ৰ অনুৰাধা আছিল প্ৰাণচাঞ্চল্য উদ্দীপ্তকাৰিণী । দেশী বিদেশী অনেক চৰিত্ৰ কথা উপন্যাসখনত চৌধুৰীদেৱে উল্লেখ কৰিছে । লগতে তেওঁ উৰিষ্যাৰ ৰাজধানী ভূবনেশ্বৰ চহৰ আৰু সমুদ্ৰতীৰবৰ্তী পাৰাদ্বীপ বন্দৰৰ কথাও অতি সাৱলীলভাৱে উল্লেখ কৰিছে ।
অৰুণাভে কৰ্মক্ষেত্ৰত মেহৰা চাহাব,নীৰেন দত্ত,ডেনিছ,ডালভি আদি বহুতো দেশী বিদেশী চৰিত্ৰৰ সতে চিনাকী হৈছিল । মেহৰা চাহাব এজন নিষ্ঠাবান কৰ্মী আছিল । বয়সৰ চাপ শৰীৰত পৰিলেও কেতিয়াও কামক অৱজ্ঞা কৰা নাছিল । কিন্তু সেই মেহৰা চাহাবেই বুকুত লৈ ফুৰিছিল এটি দুখৰ বোজা । কামৰ ব্যস্ততাৰ বাবেই পত্নী এলিক তেওঁ সময় দিব পৰা নাছিল সেয়ে এলিয়ে ঋত্বিক নামৰ কণমানি ল'ৰাটোক লৈ মেহৰা চাহাবক চিৰদিনৰ বাবে অকলশৰীয়া কৰি গুছি গৈছিল নিজ দেশ লণ্ডনলৈ ।
নীৰেন দত্ত অৰুণাভৰ সহকৰ্মী আছিল । দুয়ো প্ৰথমে একেটা ৰুমৰেই বাসিন্দা আছিল । নীৰেন দত্তই অৰুণাভৰ সতে অতীতত এক নিবিড় সম্পৰ্ক থকা ৰূপালীক বিয়া কৰাইছিল । একেটা ফ্লেটতেই থকাৰ পিছতো অৰুণাভ আৰু ৰূপালীয়ে অচিনাকীৰ দৰে আছিল । পতি-পত্নী হ'লেও নীৰেন আৰু ৰূপালীৰ মাজত কোনোধৰণৰ শাৰীৰিক সম্পৰ্ক হোৱা নাছিল যাৰ বাবে ৰূপালীয়ে মানসিকভাৱে অস্বস্তিত ভুগিছিল । এদিন ৰাতি নীৰেন দত্ত ৰীগত থকাত অৰুণাভ আৰু ৰূপালীৰ মাজত এক নিবিড় সম্পৰ্ক হয় । যাৰ বাবে ৰূপালী অন্ত:সত্বা হয় । নীৰেন দত্তই সন্তানৰ পিতত্ৃ অন্য কোনোবা বুলি জানি খঙত অগ্নিশৰ্মা হয় । কিন্তু ৰূপালীয়ে এই সন্তান জন্ম দিম বুলি থাম লয় । ল'ৰা সন্তান এটি জন্ম দিয়েই ৰূপালীয়ে এই পৃথিৱী এৰি গুছি যায় । পিছত সন্তানটিৰ মোহত মুগ্ধ হৈ নীৰেন দত্তই সেই শিশুটিক ডাঘৰ- দীঘল কৰাৰ পণ লয় ।
ডেনিছ জাহাজৰ কেপ্তেইন । লণ্ডনত জেৰিনা নামৰ ছোৱালী এজনীৰ লগত বিবাহ পাশত আৱদ্ধ হৈয়েই কৰ্তব্যৰ খাতিৰত কৰ্মক্ষেত্ৰলৈ যাব লগা হয় । ছয় মাহ পিছত ঘূৰি আহি দেখে জেৰিনাই তেওঁৰ প্ৰতিবেশীজনৰ লগত একেলগে থাকিব লৈছে । ইয়াৰ পিছত বহুদিন তেওঁ কোনো ছোৱালীৰ সৈতে প্ৰেমজনিত সম্পৰ্কত থকা নাছিল । কিন্তু ডালভিয়ে আকৌ এবাৰ প্ৰেমত পৰিবলৈ ডেনিছক বাধ্য কৰিলে । অৰুণাভ আৰু অনুৰাধাৰ হৃদয়তো ইজনৰ সিজনৰ প্ৰতি অনুভূতি জাগে যদিও ৰূপালীত সতে হোৱা ঘটনাটোৰ বাবেই অনৰাধাৰ পৰা আঁতৰি আহিব খোজে কিন্তু সকলো সঁচা কথা কোৱাৰ পিছত অনুৰাধাই মুক্ত মনেৰে অৰুণাভক আঁকোৱালি লয় ।