নীলকণ্ঠী ব্ৰজ         সংগ্ৰহ: ৱিকিপিডিয়া
নীলকণ্ঠী ব্ৰজ উপন্যাসখন ড° মামণি ৰয়ছম গোস্বামীয়ে বৃন্দাবনক পটভূমি হিচাপে লৈ ৰচনা কৰিছে। উপন্যাসখনৰ কেন্দ্ৰীয় চৰিত্ৰ হৈছে সৌদামিনী, এগৰাকী কম বয়সীয়া উচ্চবংশীয় বিধবা। উচ্চ হিন্দু পৰিয়ালৰ বিধবাৰ গন্তব্যস্থল বৃন্দাবনত তেওঁলোকে সন্যাসিনীৰ জীৱন নিৰ্বাহ কৰে, শৰীৰ আৰু মনৰ পৰিশুদ্ধিৰ কাৰণে। "এগৰাকী কমবয়সীয়া বিধবাৰ শৰীৰ আৰু মনৰ কেনেধৰণৰ পৰিবৰ্তন ঘটে আৰু ই কেনেকৈ তেওঁৰ পাছৰ জীৱন ইয়াৰ দ্বাৰা প্ৰভাবিত হয় মই তাকেই দেখুৱাব খুজিছোঁ।" - ১৯৮৬ চনত "নীলকণ্ঠী ব্ৰজ"ৰ ইংৰাজী সংস্কৰণ "Shadow of Dark God" (অনুবাদক প্ৰফুল্ল কাকতি) -অৰ উদ্ঘাটন সমাৰোহত মামনী ৰয়ছমে কৈছিল। বিধবা হোৱাৰ পাছত ঘৰত তেওঁক চোৱাচিতা কৰিবলৈ ভাই ককাই পিতাক আদি থকা সত্বেও বৃন্দাবনত সন্যাসিনিৰ জীৱন যাপন কৰিবলৈ অহা উচ্চশিক্ষিতা সৌদামিনীয়ে বৈধব্যৰ অৰ্থ অনুধাবন কৰিবলৈ চেষ্টা কৰিছে, বিশ্লেষণ কৰিছে, আৰু শেষত ইয়াক প্ৰত্যাখ্যান কৰিছে।[25]
কম বয়সতে স্বামীহাৰা হোৱা কুলীন বংশৰ উচ্চশিক্ষিতা মামণি ৰয়ছম নিজ ঘৰৰ গোড়া, বঞ্চনামূলক জীৱন যাপনৰ অৱসান ঘটাই অন্য সাধন থকা অন্যান্য সমসাময়িক উচ্চশিক্ষিতা ভাৰতীয় নাৰীৰ দৰে লণ্ডনলৈ গুচি যাব পাৰিলেহেঁতেন, তেখেতে কিন্তু তেখেতে "হিন্দু সংস্কৃতিৰ কেন্দ্ৰ" বৃন্দাবনহে গ্ৰহণ কৰিলে। বৃন্দাবনত গৈ তেখেতে বৈধব্যৰ "পাপ" মূৰ পাতি লোৱা বিধৱাসকলৰ গ্লানিপূৰ্ণ জীৱন প্ৰণালী ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে। লাহে লাহে মামণি ৰয়ছমৰ মনৰ আঘাত শুকাবলৈ আৰম্ভ কৰিলে।[26] তেওঁৰ মন ৰামায়ণ গৱেষণাৰ প্ৰতি আকৃষ্ট হয় আৰু বৃন্দাবন এৰি ৰামায়ণৰ বিষয়ে গৱেষণা কৰিবলৈ গুচি যায়।