ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী         বৰ্ণনা লেখক : হীৰামনি দাস
অসমীয়া উপন্যাস সাহিত্যত মহাবিদ্যালয়ক পটভূমি হিচাপে লৈ ৰচিত ভালেকেইখন উপন্যাস পোৱা যায় । এই উপন্যাসসমূহে একাংশ নতুন উপন্যাস সৃষ্টি কৰিবলৈও সক্ষম হৈছে । এনে উপন্যাসৰ ক্ষেত্ৰখনৰ এখন অনবদ্য উপন্যাস হৈছে জুৰি বৰা বৰগোহাঞিৰ *ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দনী* ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী উপন্যাসখনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত পঢ়িব অহা এজনী ছোৱালীৰ হোষ্টেলীয়া জীৱনত পোৱা বহু তিতা মিঠা কাহিনী বৰ্ণিত হৈছে । নতুনকৈ হোষ্টেললৈ আহি নায়িকা নন্দিনীৰ মনত নানান ভাৱনাই আৱৰি ধৰিছিল । প্ৰথম দিনাখনেই চিনিয়ৰৰ আদেশমৰ্মে সকলো নতুন ছোৱালীয়ে চাদৰ-মেখেলা পিন্ধি কপালত সেন্দুৰৰ ফোট লৈ মূৰত গামোচাৰ পাগুৰি মাৰিহে ডাইনিং ৰুমলৈ ভাত খাব যাব লগা হৈছিল । সেইদিনাই নন্দিনীয়ে কেতিয়াও প্ৰকাশ কৰিব নিবিচৰা জানুৰ কথা প্ৰকাশ কৰিব লগা হৈছিল চিনিয়ৰৰ প্ৰশ্নৰ উত্তৰত । জানু নন্দিনীৰ হৃদয়ত গোপনে বাস কৰা এজন প্ৰেমিক । কিন্তু সিঁহতৰ সম্পৰ্ক আগবাঢ়িলেই দুয়োখন ঘৰৰ মাজত এক সংঘাত সৃষ্টি হোৱাৰ ফলত তাই আঁতৰি থাকিছিল তাৰ পৰা ।
অজস্ৰ সৰু সৰু কাহিনীৰে গঁথা এই উপন্যাস হেজাৰ চৰিত্ৰৰে ভৰপূৰ । নন্দিনীৰ ৰুমমেট নিলয়া সহজ সৰল শান্ত ছোৱালী । কিন্তু তাইৰ জীৱন আছিল বিষদেৰে ভৰা । দুখীয়া ঘৰৰ ছোৱালী নিলয়াক পঢ়া শুনাত ভাল বাবেই খুড়াক এজনে তাইৰ পঢ়া পাতিৰ সকলো দায়িত্ব লৈছিল । কিন্তু সেই খুড়াকজনে তাইক ৰক্ষিতা হিচাপেহে ৰাখিছিল ।
পূৰৱী আচৰিত ধৰণৰ এটি চৰিত্ৰ । নন্দিনীয়ে তাইৰ প্ৰতিটো বিপদৰ সময়তে সহায় হোৱাৰ পিছতো পূৰৱীয়ে সদায় তাইৰ বেয়া কৰিব বিচাৰিছিল । অৱশ্যে তাৰবাবে শেষত তাই নন্দিনীক ক্ষমা খোজে ।
আমাৰ সমাজত অপেলাৰ দৰে বহু চৰিত্ৰ আছে । বহু অপেলাই মিছা বদনাম কঢ়িয়াই আছে ।
উপন্যাসখনৰ নায়ক দৃষ্টিনন্দনৰ চৰিত্ৰটি আকৰ্ষণীয় । নন্দিনীৰ প্ৰেম দৃষ্টিনন্দন । সকলো সময়তে নন্দিনীৰ সুখ দুখৰ সমভাগী হৈ ৰৈছিল দৃষ্টিনন্দনে । তাই নুবুজা বহু কথাই বুজাইছিল মৰমেৰে । কিন্তু নন্দিনীহঁতৰ ঘৰখনে দৃষ্টিনন্দনক মানি নল'লে আৰু সেয়ে এদিন তাই চিৰদিনৰ বাবে তাৰ ওচৰলৈ গুছি আহিল ।
উপন্যাসখন এবাৰ আৰম্ভ কৰিলে শেষ নকৰাকৈ কোনো ওলাই আহিব নোৱাৰে । প্ৰতিটো কাহিনীয়ে পঢ়ুৱৈৰ মন বান্ধি ৰাখিবলৈ সক্ষম হৈছে ।