ইয়াত এখন অৰণ্য আছিল         বৰ্ণনা লেখক : হীৰামনি দাস
আমাৰ এই গতানুগতিক ব্যস্ত জীৱনটোত কেতিয়াবা কিছুমান বস্তু চকুৰ সন্মুখত থাকিলেও দেখা নাযায় বা চোৱাৰ আহৰি নাই । ঠিক তেনেকুৱাই হৈছিল " ইয়াত এখন অৰণ্য আছিল" গ্ৰন্থখনৰ মূল চৰিত্ৰটিৰ । চালছা নৃত্য শিকিবলৈ গৈ ভৰি এখন ভঙাৰ পিছত যেতিয়া ডেৰমাহ ঘৰৰ ভিতৰত সোমাই থাকিবলগা হৈছিল তেতিয়াই এখন নতুন পৃথিৱীৰ সতে চিনাকী হৈছিল লেখিকাৰ । তেখেতৰ শোৱনি কোঠৰ দক্ষিণ দিশত এখন খিৰিকী আছিল । যিখন সদায় বন্ধ হৈ আছিল । সেই খিৰিকীখন খুলি দিয়াৰ পিছত লেখিকাই দেখিছিল পাহৰখনেৰে আকাশলৈ যোৱাৰ পথ । লাহে লাহে খিৰিকীখনৰ প্ৰতি পাহাৰখনৰ প্ৰতি তেওঁৰ এক সম্পৰ্ক গঢ়ি উঠিল ।
লেখিকাৰ ঘৰত কাম কৰা মাধুৰী সেই পাহাৰখনৰেই বাসিন্দা । পাহাৰখনৰ নাম আমচিং । সেই ঠাইত হেনো বহুত আমৰ বাৰী আছিল সেয়ে পাহাৰখনৰ নাম আমচিং হ'ল । এদিন খবৰ আহিল যে আমচিং পাহাৰত উচ্ছেদ অভিযান হ'ব । পেচাত এজন সাংবাদিক হিচাপে তেওঁ নিজেও এই পাহাৰ উচ্ছেদ কৰিবলৈ বাতৰিত প্ৰকাশ কৰিছে । কিন্তু মাধুৰীৰ কাৰণে যেন বুকুৰ কোনোবা এটি কোণত তেওঁৰ বিষ এটিও উদ্ভৱ হৈছে ।
" ইয়াত এখন অৰণ্য আছিল" গ্ৰন্থখনৰ মাজেৰেই লেখিকাৰ লগতে আমিও সোমাই যাব পৰিলো আমচিং অভয়াৰণ্যৰ মাজলৈ । সাৰথি হ'ল বুকুত একোখনকৈ অৰণ্য লৈ থকা প্ৰকৃতিপ্ৰেমী ৰাজবংশী,ৰঞ্জন,মনবৰ আদি ব্যক্তিসকল । ৰঞ্জন ৰাজবংশী,মনবৰহঁতে চকুৰ পচাৰতে মানুহে অৰণ্য ধ্বংস কৰি নিজে বসবাস কৰা দেখিছে । জীৱ-জন্তু , চৰাই-চিৰিকটি আদি নিৰাপত্তাহীনতাত ভোগা দেখিছে । এইবোৰ দেখিও সিঁহতে একো কৰিব নোৱাৰে কাৰণ সিঁহত সাধাৰণ বনকৰ্মী । মাথো মানুহৰ প্ৰতি একুৰা ক্ষোভৰ জুই বুকুত অনবৰত জ্বলি আছে । সেয়ে মানুহৰ ঘৰবোৰ ভাঙিবলৈও সিঁহতৰ হাত নকঁপে ।
গ্ৰন্থখনত বৰ্তমানৰ এক বাস্তৱ সত্য অনুৰাধা শৰ্মা পূজাৰী বাইদেউৱে ফুটাই তুলিছে । পাহাৰ খান্দি মানুহে যি হাৰত ঘৰ,উদ্যোগ আদি সাঁজব ধৰিছে এনেকৈ থাকিলে এদিন অৰণ্যবোৰ মাথো প্ৰদৰ্শনীৰ বস্তুহে হৈ ৰব । ইতিমধ্যে বহু জীৱ-জন্তু,চৰাই চিৰিকটি আদি নোহোৱা হৈ গৈছে । যিবোৰ আছে সেয়াও বিলুপ্তিৰ পথত । এই হিংস্ৰ মানুহবোৰৰ বাবেই এদিন সকলো শেষ হৈ যাব । আজিকালি নিউজত প্ৰায়েই দেখা যায় হাতী মানুহৰ সংঘাতৰ বিষয়ে । ইয়াৰ বাবেও দায়ী মানুহ । জীৱ-জন্তুৰ বাসস্থান মানুহে দখল কৰিলে খাবলৈ হাবিত একো নাপালে সিঁহত ক'লৈ যাব সেয়ে গাওঁবোৰলৈ জাকে জাকে হাতী অহা দেখা যায় । এনেকৈয়ে হয়তো শান্ত নিমাখিত হাতীবোৰো এদিন নোহোৱা হৈ যাব ।
লেখিকাৰ বান্ধৱী যুতি অপাৰ্থিৱ বস্তুবোৰৰ সতে জীবন কটাই ভাল পাইছিল । কিন্তু তেওঁৰ ছোৱালী আছিল সম্পূৰ্ণ বিপৰীত । ৰঘু নামৰ ল'ৰা এজনক জীবনসংগী হিচাপে বাচি লৈ "মাডাৰ নেচাৰ" নামৰ এন.জি.অ এটাত সোমাই প্ৰকৃতি ৰক্ষা কৰাৰ কাৰ্যত ব্ৰতী হৈছিল । ছন্দা আৰু ৰঘুৰ দৰে আমিও এখন সেউজীয়া পৃথিৱী গঢ়াৰ চেষ্টা কৰিব পাৰো । এই পৃথিৱীখন অকল মানুহৰ বাবে নহয় । ইয়াত অন্য জীৱ-জন্তুসকলৰো সমানেই অধিকাৰ আছে ।
পৃথিৱুিৰ ভৱিষ্যৎ এতিয়া আমাৰ হাতত । ইয়াক ৰক্ষা কৰাৰ দায়িত্ব আপোনাৰ মোৰ সকলোৰে