কবি আৰু কবিতা         বৰ্ণনা লেখক :গৌতম বৰা
'কবি আৰু কবিতা' - কবিতা সম্পৰ্কীয় সমালোচনাত্মক গ্ৰন্থ ৷ নন্দ তালুকদাৰে ৰচনা কৰা গ্ৰন্থখনৰ সূচীপত্ৰক দুটা ভাগত ভগাইছে। প্ৰথমটো ভাগত ১০ টা প্ৰবন্ধ আছে। বিষয়বস্তু সামৰি লৈছে - নৱন্যাস আন্দোলন, ৰহস্যবাদ,কাব্য সাহিত্য, চনেট, মালিতা, হাস্যৰস, দেশপ্ৰেমমূলক কবিতা, গীতি সাহিত্য, অসমীয়া কবিতাত শৰৎ আৰু কবিৰ দৃষ্টিত বিহু ৷ সাহিত্যপ্ৰেমী পঢ়ুৱৈৰ কাৰণে আটাইকেইটা প্ৰবন্ধই মনোগ্ৰাহী আৰু তথ্যৰে ভৰা।
সূচীপত্ৰৰ দ্বিতীয় ভাগত আছে অসমীয়া কাব্যজগতৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ১৬ জন কবিৰ কবিতাৰ আলোচনা। কবিসকল হ'ল - চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, পদ্মনাথ গোহাঁঞি বৰুৱা, ৰঘুনাথ চৌধুৰী, অম্বিকাগিৰী ৰায়চৌধুৰী, দুৰ্গেশ্বৰ শৰ্মা, ৰত্নকান্ত বৰকাকতী, যতীন্দ্ৰনাথ দুৱৰা, ডিম্বেশ্বৰ নেওগ, নলিনীবালা দেৱী, বিনন্দ চন্দ্ৰ বৰুৱা, হিতেশ্বৰ বৰবৰুৱা, পাৰ্বতী প্ৰসাদ বৰুৱা, নীলমণি ফুকন আৰু দেৱকান্ত বৰুৱা। অসমীয়া ৰোমাণ্টিক কবিতাৰ আৰম্ভণিৰ কবিজনৰ পৰা আৰম্ভ কৰি শেষৰজন কবিলৈকে আলোচনাত সামৰি লৈছে। প্ৰতিজন কবিৰ কবিতাক পৃথকে পৃথকে প্ৰবন্ধত আলোচনা কৰিছে।
বনলতাই প্ৰকাশ কৰা গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ প্ৰকাশ পাইছিল ১৯৬৯ চনত।