মেৰেং         বৰ্ণনা লেখক : হীৰামনি দাস
প্ৰখ্যাত ঔপন্যাসিক অনুৰাধা শৰ্মা পূজাৰীৰ এখন অনবদ্য গ্ৰন্থ মেৰেং । মেৰেং অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ ইন্দিৰা মিৰিৰ জীৱনক লৈ লিখা এখন উপন্যাস । মেৰেং ইন্দিৰা মিৰিৰ সৰুকালৰ নাম । তেখেতৰ দেউতাক সোণাধৰ সেনাপতি । শিৱসাগৰৰ অৰ্জুনগুৰিত ইন্দিৰা মিৰিৰ জন্ম হৈছিল কিন্তু শ্বিলঙতহে তেওঁ শৈশৱ পাৰ কৰিছিল । শিক্ষাৰ প্ৰতি থকা আগ্ৰহৰ বাবে দেউতাক সোণাধৰ সেনাপতিয়ে ইন্দিৰা মিৰিক স্নাতক ডিগ্ৰী লাভ কৰিবৰ বাবে কলিকতাৰ স্কটিচ চাৰ্ছ কলেজত নামভৰ্তি কৰি দিয়ে । স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতেই মিচিং জনজাতিৰ মহীচন্দ্ৰ মিৰি নামৰ বন সঞ্চালক এজনৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় । বিয়াৰ পিছত ইন্দিৰা মিৰিয়ে স্বামী মহীচন্দ্ৰ মিৰিৰ ঘৰলৈ যোৱাৰ পথত অনুৰাধা শৰ্মা পূজাৰী বাইদেউৱে কৰা প্ৰাকৃতিক বৰ্ণনাখিনি এতিয়াও মন মগজুত সজীৱ হৈ আছে । বিয়াৰ কেইবছৰমান পিছতেই মহীচন্দ্ৰ মিৰিয়ে কলা জ্বৰত আক্ৰান্ত হৈ দুটি সন্তান আৰু গৰ্ভত থকা ছয় মহীয়া সন্তানটিৰ সৈতে ইন্দিৰা মিৰিক অকলশৰীয়া কৰি চিৰদিনৰ বাবে এৰি গুছি যায় । স্বামী মহীচন্দ্ৰ মিৰিৰ বিয়োগৰ পিছত ইন্দিৰা মিৰিয়ে শ্বিলঙৰ স্কুল এখনত কাম কৰিব লয় লগতে ছেইন্ট মেৰী কলেজৰ পৰা বি টি ডিগ্ৰী অৰ্জন কৰে । ইয়াৰ কেইদিনমান পিছত গুজৰাটত অনুষ্ঠিত মাডাম মন্টেশ্বৰীৰ পৰা প্ৰশিক্ষণ লবলৈ গুজৰাটলৈ যায় । তাৰ পৰা অহাৰ পিছত তেখেতে সুদূৰ স্কটলেণ্ডৰ এডিনবৰা বিশ্ববিদ্যালয়ত পঢ়িবলৈ যায় । তাৰ পৰা শিক্ষা গ্ৰহণ কৰি আহি নেফাত শিক্ষা প্ৰসাৰৰ বাবে যোগদান কৰে । বহু কষ্টৰ মাজেৰে হাবি-বননিয়ে ঘূৰি ফুৰি ইন্দিৰা মিৰিয়ে নেফাৰ জনগোষ্ঠীসমূহৰাজত শিক্ষাৰ প্ৰচাৰ কৰিছিল ।